*বাইদেউৰ সৃষ্টিৰাজি চৰকাৰে সংৰক্ষণ কৰিবলৈ নোৱাৰিলে আমাক দিয়ক,আমি সংৰক্ষণ কৰিম-পৱিত্ৰ ৰাভা*
সদৌ অসম ছাত্ৰ সন্থাই নাট্যকর্মী পৱিত্ৰ ৰাভাক প্ৰদান কৰিলে ২০২০ বৰ্ষৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা।গুৱাহাটীৰ চানমাৰিত গোৱালপৰীয়া লোক সংগীতৰ সাধকগৰাকীৰ প্ৰতিমূৰ্তিস্থলীত প্ৰদান কৰে এই বঁটা।বঁটাত আছে মানপত্ৰ, শৰাই, গামোচা, চেলেং।
বঁটা প্ৰদান কৰে 'আছু'ৰ সভাপতি দীপাংক নাথ, সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ লগতে উত্তৰ-পূব ছাত্ৰ সংগঠনৰ উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
আনহাতে,বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে শিল্পী জেপি দাস, জয়ন্ত ভাগৱতী, মনীষা হাজৰিকা, প্ৰতিমা বৰুৱা পাণ্ডেৰ কন্যা অলকা পাণ্ডেৰ লগতে ছাত্ৰ সংগঠনটোৰ সদস্যসকল।
বঁটা গ্ৰহণ কৰি নাট্যকর্মী পৱিত্ৰ ৰাভাই প্ৰতিমা বৰুৱা পাণ্ডেৰ মাটিয়াবাগৰ বাসভৱনৰ সংৰক্ষণ সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰি কয়- "চৰকাৰে নোৱাৰিলে আমাক দিয়ক।বাইদেউ সৃষ্টিৰাজি আমি সংৰক্ষণ কৰিম।ছাত্ৰ সন্থাই আজিৰে পৰা দায়িত্ব বৃদ্ধি কৰিলে।এনেবোৰ কাম কাজে নৱ-প্ৰজন্মক আগুৱাই যোৱাত আৰু অধিক অনুপ্রেৰণ যোগাব।"
বঁটা প্ৰদান কৰি নেছ'ৰ উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-"পৱিত্ৰ ৰাভাই গভীৰ সাধানাৰে কাম কৰি আছে।কাম কৰি থকা সময়তে এইধৰণৰ অনুপ্ৰেৰণা দিব লাগে।যাতে আৰু ভাল কাম কৰিব পাৰে।নতুন প্ৰজন্মই ভাল কামৰ ক্ষেত্ৰখনত যাতে আহিব পাৰে তাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।"
"আমাৰ খং আৰু ক্ষোভ আছে।গোৱালপৰীয়া লোকসংস্কৃতিৰ প্ৰতিমা বাইদেউৱে মাটিয়াবাগৰ যিটো ঘৰৰ পৰা সাধানা কৰিছিল ঘৰটো কিন্তু সংৰক্ষণ নহ'ল।জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে চৰকাৰ গঠন কৰিছিল।কিন্তু চৰকাৰে বাইদেউৰ লোকসংগীত সৃষ্টি কৰা মাটিয়াবাগৰ ঘৰটো সংৰক্ষণ কৰিব নোৱাৰিলে।চৰকাৰে যদি সংৰক্ষণ কৰিবলৈ নোৱাৰে,হাত দাঙি দিয়ক।ৰাইজৰ সহযোগত আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিম"-ড: ভট্টাচাৰ্যই কয়।
- Log in to post comments
- 6 views