কা' শ্বহীদ ছেম ষ্টেফৰ্ডৰ ভিনিহিয়েকসহ ১৪জন ব্যক্তিৰ এজেপিত যোগদান

Pic

অসম জাতীয় পৰিষদত যোগদান কাৰ্যসূচী।গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিলে কা' আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ ভিনিহিয়েক ছাদেক আলী।

Pic

এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা,চিত্তৰঞ্জন বসুমতাৰীৰ উপস্থিতিতি শনিবাৰে দলত যোগদান কৰিলে সংখ্যালঘু উন্নয়ন পৰিষদৰ সভাপতি নাজিৰ হুছেইন,উপ-সভাপতি আক্ৰাম মিঞা, সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, নজৰুল ইছলাম, গোপীনাথ সৰকাৰ, মনুৱাৰ হুছেইন, মইনুল হক, বিজু তালুকদাৰসহ মুঠ ১৪জন ব্যক্তিয়ে। এজেপিত যোগদান কৰি ছেমৰ ভিনিহিয়েক চাদেক আলীয়ে কয়-"বিজেপি চৰকাৰে পঞ্চশ্বহীদক ন্যায় নিদিয়ে।এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত পঞ্চশ্বহীদক ন্যায় দিবলৈ মই যোগদান কৰিছোঁ।"

"বিজেপি চৰকাৰক উফৰাই পঠাব পাৰিলে পঞ্চশ্বহীদে ন্যায় পাব।কা' বলপূৰ্বকভাৱে অসমীয়াৰ ওপৰত জাপি দিছে বিজেপিয়ে।কোনো দিনে অসমীয়াই বিচৰা নাছিল কা'।তাৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে ৫ জন ডেকা লৰাক বিজেপিয়ে হত্যা কৰিলে"-আলীয়ে কয়।

Your Comments