নুৰুল ইছলাম,বৰদুৱাৰবাগান:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি ৰাজনৈতিক নেতা তথা দল-সংগঠনসমূহৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ ৰাজনৈতিক নেতা-কৰ্মীৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে ৰাজ্যৰ ৫০ নং পলাশবাৰী বিধানসভা সমষ্টিটোতো একাংশ নেতা-কৰ্মী ৰাইজৰ কাষ চাপিবলৈ আৰম্ভ কৰা দেখা গৈছে ৷ ইফালে, প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে সদ্য অগপত্যাগী পলাশবাৰীৰ জ্যেষ্ঠ নেতা পংকজ লোচন গোস্বামীয়েও নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ চলাই থকা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে অগপৰ জ্যেষ্ঠ নেতা তথা আঞ্চলিক দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই পলাশবাৰী সমষ্টিৰ বিভিন্ন স্থানত ধিক্কাৰ ধ্বনিৰ সন্মুখীন হ’ব লগা হোৱাৰ বিপৰীতে দলীয় নেতা-কৰ্মীসহ সমূহীয়াভাৱে অগপ ত্যাগ কৰা গোস্বামীয়ে কিন্তু ৰাইজৰ স’তে সংযোগ স্থাপনৰ প্ৰক্ৰিয়া একপ্ৰকাৰ জোৰদাৰ কৰি তোলা দেখা গৈছে ৷ কিয়নো বৃহস্পতিবাৰে গোস্বামীয়ে সমষ্টিটোৰ অসম-মেঘালয় সীমান্তত উপস্থিত হয় ৷ বিশেষকৈ অঞ্চলটোৰ বাৰেগাঁও,ৰাণীখামাৰকে ধৰি সীমান্তৱৰ্তী অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক তথা যুৱ প্ৰজন্মৰ স’তে পৃথকে পৃথকে কেইবা ঠাইতো মিলিত হয় গোস্বামী ৷ পলাশবাৰীৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট আৰু তেওঁৰ অগপ ত্যাগৰ বিষয়ে অৱগত কৰে অঞ্চলটোৰ ৰাইজক গোস্বামীয়ে ৷ তদুপৰি জ্যেষ্ঠ নাগৰিক তথা যুৱপ্ৰজন্মৰ স’তে মতবিনিময়ৰ কালচোৱাত তেওঁ কয়-"শ্ৰমজীৱী মানুহৰ জীৱনমুখী যাত্ৰাত মই সদায় আছো,আনকি,সমস্যাজৰ্জৰ অঞ্চলবাসী ৰাইজৰ লগত অতীতৰ পৰাই আছোঁঁ আৰু ভৱিষ্যতেও থাকিম ৷" কেৱল ইয়াৰ বাবে ৰাইজৰ দিহা-পৰামৰ্শ আৰু আশীৰ্বাদ মোৰ সদায় কাম্য বুলিও দোহাৰে তেওঁ ৷ তদুপৰি সীমান্তৱৰ্তী অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক তথা যুৱ-প্ৰজন্মৰ কেইবাজনেও প্ৰাক্তন বিধায়ক যতীন মালী তথা প্ৰণৱ কলিতাক অঞ্চলটোৰ উন্নয়নৰ বিভিন্ন প্ৰসংগ উল্লেখ কৰি তীক্ষ্ণ সমালোচনা কৰে ৷ ইফালে, কমলাকান্ত কলিতাৰ প্ৰসংগতো ডলাৰ বগৰী স’তে তুলনা কৰি তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৷
- Log in to post comments
- 67 views