ওদালগুৰি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষক দিৱস পালন

ওদালগুৰি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষক দিৱস পালন

ডঃ সৰ্বপল্লী ৰাধাকৃঞ্চনৰ জন্মদিন ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসটি বুধবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো শিক্ষানুষ্ঠানসমূহত বৰ্ণিল কাৰ্যসূচীৰে পালন কৰা হয় ।

কলাইগাঁও অঞ্চলৰ শৈক্ষিক দিশত অগ্ৰণী ভুমিকা গ্ৰহণ কৰি অহা অন্যতম শিক্ষানুষ্ঠান কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়তো গীত-নৃত্য-কথাৰে মহান শিক্ষক, দাৰ্শনিক, পণ্ডিত, প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃঞ্চনক শ্ৰদ্ধাৰে স্মৰণ কৰি শিক্ষক দিৱস উদ্‌যাপন কৰে ।

তদুপলক্ষে বিদ্যালয়খনৰ অধ্যক্ষ জয়ন্ত কুমাৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীযৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শিলপোতা মৌজাৰ মৌজাদাৰ, সমাজ সচেতক কমল প্ৰসাদ শৰ্মা, উপ-সভাপতি লোহিত চন্দ্ৰ নাথ, অৱসৰী কৃতী শিক্ষক শুক্লেশ্বৰ ডেকা, জ্যেষ্ঠ শিক্ষক বন্ধুৰাম চহৰীয়াকে ধৰি কেইবাজনো বিশিষ্ট ব‍্যক্তিয়ে অংশগ্ৰহণ কৰে ।

আনহাতে, বিদ্যালয়খনৰ শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থকা সভাখন আঁতধৰে প্ৰাক্তন ছাত্রনেতা প্ৰতাপ চন্দ্ৰ ভট্ৰাচাৰ্যই । অনুষ্ঠানত নিষ্ঠা, ত্যাগ আৰু আন্তৰিকতাৰে সেৱা আগবঢ়াই সমাজখনক সুশিক্ষিত কৰি অহা শিক্ষকসকলৰ আৰ্দশ পুৰুষ ডঃ ৰাধাকৃঞ্চনৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰে ।

'শিক্ষা কেৱল জীৱিকা উপাৰ্জনৰ উপায় নহয় । ই মাথোঁ প্ৰজ্ঞাত্মৰ বিকাশ বা নাগৰিক গঢ়াৰ ব্যৱস্থাও নহয় । ই হৈছে মনৰ (আত্মাৰ) প্ৰশিক্ষণ, ই এক দ্বিতীয় জন্ম ।' এনে অলেখ তাৎপৰ্যপূৰ্ণ বাণীৰ স্ৰষ্টা ডঃ সৰ্বপল্লী ৰাধাকৃঞ্চনৰ ৫ ছেপ্টেম্বৰৰ জন্মদিনটোৰ পৰাই শিক্ষক দিৱস পালন কৰা হয় ।

ইপিনে শিক্ষক দিৱসতেই পোড্ডাৰ কাৰ ৱৰ্ল্ড, মঙলদৈ শাখাৰ মুকুট চন্দ্ৰ দাস আৰু মইনুল ইছলামৰ নেতৃত্বত অহা এটি দলে বিদ্যালয়খনত কেক কাটি শিক্ষাগুৰুসকলক ফুলাম গামোচাৰে শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰে ।

উল্লেখ্য যে কলাইগাঁও ছোৱালী হাইস্কুল, লোকপ্ৰিয় বৰদলৈ পাব্লিক স্কুল, প্ৰাইড একাডেমী আদি প্ৰায়বোৰ শিক্ষানুষ্ঠানতে বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা পৰিলক্ষিত হয় ।

Your Comments