"ভাতৃ হিচাপে ক্ষমা কৰিছোঁ,বি-কুল হিমন্ত"-সাংসদ বদৰুদ্দিন আজমল

Ajmal

প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সৰু ভাই আখ্যা এআইইউডিএফৰ প্ৰধান সাংসদ বদৰুদ্দিন আজমলৰ।

"শিলচৰৰ ঘটনা মিছাকৈ বিয়পাই দিয়া কাণ্ডক ভাতৃ হিচাপে ক্ষমা কৰি দিছোঁঁ।ৰাজনীতিত খঙাল হ'ব নাপায়।কনট্ৰলত থাকক,বি-কুল"- আজমলে এইদৰে কয়।

ইফালে মন্ত্ৰী হিমন্তই আজমললৈ ভয় নকৰোঁঁ বুলি আজি বুঢ়া আঙুলি দেখুওৱা ঘটনাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয়- "তেওঁ মানসিক অশান্তিত ভুগিছে।মোক আঙুলি দেখাইছে কিন্তু মই দেখাই নিদিওঁঁ।তেওঁৰ মানসিক চিকিৎসাৰ প্ৰয়োজন হ'লে মোৰ চিকিৎসালয়লৈ আহিলে বিনামূলীয়া সেৱা আগবঢ়াম।"

অসমবাসীৰ হৈ মন্ত্ৰীগৰাকীক কাম কৰাৰো আহ্বান জনায় সাংসদগৰাকীয়ে।

'২১ত ক্ষমতালৈ বিৰোধী  মহাজোঁটবন্ধন আহিব।ক্ষমতালৈ আহিলে বিজেপিয়ে সভা কৰাৰ দৰেই মহাজোঁঁটৰ চৰকাৰেও শংকৰদেৱৰ কলাক্ষেত্ৰত কৰিব সভা-আজমলে কয়।

উল্লেখ যে এআইইউডিএফৰ যুৱ মৰ্চাৰ বর্ধিক কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ সাংসদ আজমলে কয়-"বিহাৰৰ নিৰ্বাচনত ইভিএম জিন্দাবাদ।মন্ত্ৰী হিমন্ত,মোডীৰ দৰে এক্সপাৰ্ট থকালৈকে ইভিএম জিন্দাবাদ হৈ থাকিব।"

Your Comments