*ঘগ্ৰাপাৰৰ পৰা বৃহৎ বাইক ৰেলীৰে বানেকুছিলৈ আদৰণি*
#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ অসমৰ তত্বাৱধায়ক তথা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ শুকুৰবাৰে পাঠশালাত অনুষ্ঠিত কংগ্ৰেছৰ মাণ্ডলিক বিষয়ববীয়া সভালৈ আগমন হোৱাৰ সময়তে ঘগ্ৰাপাৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ হাইৱে চ'কত নলবাৰী সমষ্টিৰ তিনিটা ব্লক আৰু নলবাৰী সমষ্টিৰ যুৱনেতা প্ৰদ্যুৎ কুমাৰ ভূূঞাই উষ্ম আদৰণি জনায়।
সৰ্বভাৰতীয় পৰ্যায়ৰ নেতাগৰাকী ঘগ্ৰাপাৰ আহি পোৱাৰ লগে লগে সহস্ৰাধিক নেতা-কৰ্মীয়ে আদৰণি জনায়।নলবাৰী জিলা কংগ্ৰেছ প্ৰাশসনিক সাধাৰণ সম্পাদক লুটফুৰ ৰহমান আৰু বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ সাধাৰণ সম্পাদক তফিকুৰ ৰহমানে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক প্ৰদ্যুৎ কুমাৰ ভূঞা,বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ সভাপতি ভুৱনেশ্বৰ কলিতা,বড়িগোগ বনভাগ ব্লক যুৱ কংগ্ৰেছ সভাপতি ওচমান খলী,ঘগ্ৰাপাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি জীতেন শৰ্মা,নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন,ব্লক সভাপতি অনিল মহন্ত আদিয়ে জাপি,গামোচা,ফুলৰ থোপা আদিৰে আদৰনি জনায়।অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক সিঙে সাংবাদিকৰ আগত অসমত বিজেপি চৰকাৰে চাৰে-চাৰি বছৰত ৰাজ্যখনৰ জনসাধাৰণক শোষণ আৰু বঞ্চনা কৰাৰ লগতে সকলো বিভাগতে সীমাহীন দুৰ্নীতি -অনিয়ম সংঘটিত কৰিছে বুলি মন্তব্য কৰে। লগতে নেতাগৰাকীয়ে ইয়াকো কয় যে বিগত তৰুণ গগৈ নেতৃত্বধীন কংগ্ৰেছ চৰকাৰে যি উন্নয়ন সাধন কৰিছিল,সেইবোৰ বিজেপিয়ে ধ্বংস কৰিলে।যাৰ বাবে আগন্তুক ২০২১ চনত ৰাইজেপুনৰ অসমত কংগ্ৰেছ চৰকাৰৰ পক্ষত ভোটাদান কৰি চৰকাৰ আনিব বুলি মন্তব্য কৰে।ইয়াৰ পিছতে কংগ্ৰেছ নেতাগৰাকীক বৃহৎ বাইক ৰেলীৰে নলবাৰী সমষ্টিৰ সীমামুৰীয়া বানেকুছিলৈ আগুৱাই দিয়ে।পাঠশালাত সাতখন জিলা কংগ্ৰেছ কমিটীৰ মাণ্ডলিক বিষয়ববীয়া সভালৈ অহা সৰ্বভাৰতীয় পৰ্যায়ৰ নেতাগৰাকীক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা,বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া,সাংসদ গৌৰৱ গগৈ, ৰাণী নৰহ,প্ৰদ্যুৎ বৰদলৈ,প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ,কংগ্ৰেছ নেতা ভূূূপেন বৰা আদিয়ে।
- Log in to post comments
- 15 views