*বিগত মাহত ক'ভিডতকৈ দুৰ্ঘটনাত অধিক লোকৰ প্ৰাণহানি হৈছে-পাৰ্থসাৰথি মহন্ত*
#মৃণাল ডেকা,শুৱালকুছি:
ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে শনিবাৰে কামৰূপ জিলাত 'ছেভ ৰোডছ্' নামৰ পথ দুৰ্ঘটনা সম্পৰ্কীয় বিশ্লেষণাত্মক এটি মোবাইল এপ মুকলি কৰা হয়।কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা পথ সুৰক্ষা সজাগতা সভাত মোবাইল এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে পৰিবহণ বিভাগৰ অতিৰিক্ত আয়ুক্ত ৰাতুল পাঠকে। পাঠকে পথ দুৰ্ঘটনা সম্পৰ্কীয় বিশ্লেষণাত্মক মোবাইল এপটো মুকলি কৰি কয় যে বৰ্তমান ডিজিটেল যুগত মোবাইল এপৰ জৰিয়তে পথ দুৰ্ঘটনা সম্পৰ্কীয় তথ্যসমূহ সহজলভ্য হোৱাৰ লগতে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ বিশ্লেষণ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব আৰু লগতে ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পৰিৱৰ্তন আনিব। অতিৰিক্ত আয়ুক্ত পাঠকে অতি শীঘ্ৰে ছেভ ৰোডছ্ নামৰ এপটো ৰাজ্যৰ লগতে সমগ্ৰ দেশত মুকলি কৰাৰ পোষকতা কৰে। পথ সুৰক্ষা সজাগতা সভাত উদ্দেশ্য বাখ্যা কৰে জিলা পৰিবহণ বিষয়া তথা জিলা পথ সুৰক্ষা সমিতিৰ সচিব গৌতম দাসে।দাসে তেওঁৰ উদ্দেশ্য বাখ্যাত কয় যে কামৰূপ জিলাত বিগত সময়ত সংঘটিত হৈ থকা পথ দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত আগন্তুক সময়ত এই ছেভ ৰোডছ্ মোবাইল এপটো যথেষ্ট সহায়ক হ'ব। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা পথ সুৰক্ষা সজাগতা সভাত সভাপতিত্ব কৰে জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ তথা জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে। কাৰ্তিকে তেওঁৰ ভাষণত কামৰূপ জিলাৰ ৩১ টা দুৰ্ঘটনাপ্ৰৱণ অঞ্চলৰ দুৰ্ঘটনাৰ মূল উৎস অতি শীঘ্ৰে এপৰ জৰিয়তে
অধ্যয়ন কৰি তাৰ প্ৰতিকাৰ বিভিন্ন বিভাগক ল'বলৈ নিৰ্দেশ দিয়ে। লগতে উপায়ুক্তগৰাকীয়ে জিলা পৰিবহণ বিষয়া তথা পথ সুৰক্ষা সমিতিৰ সচিব গৌতম দাসৰ পৰিকল্পনাত প্ৰস্তুত কৰা ছেভ ৰোডছ্ নামৰ মোবাইল এপটোত কামৰূপ জিলাত চলিত বৰ্ষত সংঘটিত
দুৰ্ঘটনাৰ সবিশেষ তথ্য পোন্ধৰ দিনৰ ভিতৰতে অতিৰিক্ত আৰক্ষী
অধীক্ষক সঞ্জীৱ শইকীয়াক
সন্নিবিষ্ট কৰিবলৈ অনুৰোধ জনায়।পথ সুৰক্ষা সজাগতা সভাত উপস্থিত থাকি জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰতিটো বিভাগকে একত্ৰিত হৈ কাম কৰিবলৈ আহ্বান জনায়।আৰক্ষী অধীক্ষকগৰাকীয়ে
বিগত মাহত ক'ভিডতকৈ কামৰূপ জিলাত দুৰ্ঘটনাত অধিক লোকৰ প্ৰাণহানি হৈছে
বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। পৰ্যালোচনা সভাত জিলা অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায়চৌধুৰী
অতিৰিক্ত উপায়ুক্ত সত্যজ্যোতি বৰুৱা,জিলা অতিৰিক্ত আৰক্ষী উপৰিও কামৰূপ জিলাৰ গড়কাপ্তানি বিভাগৰ অভিযন্তা অন্নদা প্ৰসাদ শৰ্মা,জিতুমনি বৰ্মন,
জিলা জনসংযোগ বিষয়া প্ৰনৱ দাস,জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ,স্বাস্থ্য বিভাগ, আবকাৰী বিভাগৰ বিষয়াও উপস্থিত থাকে। তদুপৰি, পথ সুৰক্ষা পৰ্যালোচনা সভাতে পুলিচ দিৱস উপলক্ষে জিলা পথ সুৰক্ষা সমিতিৰ তৰফৰ পৰা পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত লোৱা বিশেষ ভূমিকাৰ বাবে এজন সাহসী আৰক্ষী বিষয়া ৰূপম হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ যে সভাৰ আৰম্ভণিতে আজি পুলিচ দিৱস উপলক্ষে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকে কেক কাটি সকলো আৰক্ষীকে শুভেচ্ছা জ্ঞাপন কৰে।
- Log in to post comments
- 23 views