*বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ পাতি তুলিছিল চাকৰিৰ টকা:মুখ খোলা নাই আৰক্ষীয়ে*
#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডত সাঙোৰ খাই আৰক্ষীৰ জালত পৰা 'নৱ-ভাৰত নিৰ্মাণ' নামৰ এটা অখ্যাত সংগঠনৰ সভাপতি কুলদ্বীপ ৰাজবংশীয়ে কেতবোৰ চাঞ্চল্যকৰ তথ্য সদৰি কৰিছে।কেলংকাৰীৰ অন্যতম কাণ্ডাৰী দ্বিৱন ডেকাৰ ঘনিষ্ঠ কুলদ্বীপে আৰক্ষীৰ মাৰাথান জেৰাত এই কাণ্ডত জিলাখনৰ ৰাজনৈতিক নেতা জড়িত বুলি স্বীকাৰ কৰাৰ লগতে ভালেমান প্ৰাৰ্থীৰ পৰা টকা লোৱা একাংশ লোকৰ নাম আৰক্ষীৰ আগত ব্যক্ত কৰিছে ।আৰক্ষীৰ এটি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে।ইফালে,অভিযুক্ত কুলদ্বীপক আদালতত হাজিৰ কৰোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ কুমুদ গোস্বামীৰ নিৰ্দেশত চাকৰিৰ নামত টকা তুলিছিল । এই প্ৰক্ৰিয়াত ৰাজনৈতিক নেতা জড়িত বুলিও স্পষ্টকৈ প্ৰকাশ কৰে । লক্ষণীয় ভাবে এই সন্দৰ্ভত তদন্তকাৰী আৰক্ষীয়ে কোনোধৰণৰ ভাষ্য প্ৰকাশ নকৰাত ৰহস্যৰ সৃষ্টি কৰিছে । ইফালে, ৰাজনৈতিক দালাল কুমুদ গোস্বামীক বিছাৰি আৰক্ষীয়ে অভিযান চলাইছে যদিও আটক কৰিব পৰা নাই ।সম্প্ৰতি কুমুদ পলাতক । মন কৰিবলগীয়া যে নৱ ভাৰত নিৰ্মাণ নামৰ সংস্থাটোৰ সভাপতি তথা আৰক্ষীৰ 'এছআই' পদৰ প্ৰাৰ্থীৰ পৰা টকা লোৱা দালালজনৰ বিৰুদ্ধে ৫০৭/২০ গোছৰ ৰুজু কৰি ইউ আই এচ ১২০ (বি) / ৪১৮/৪২০/ ৪০৬আই পি চি ধাৰাত গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰাখি তদন্ত চলাই আছে।নলবাৰীৰ আৰক্ষীয়ে এছআই কেলেংকাৰী সন্দৰ্ভত আৰু তিনিজনক সোধা -পোচাৰ বাবে আটক কৰিছে যদিও তদন্তৰ খাতিৰত আৰক্ষীয়ে নাম প্ৰকাশ কৰা নাই।
ধৃত কুলদ্বীপক ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ দিয়া হৈছে।
- Log in to post comments
- 49 views