ঘগ্ৰাপাৰৰ বিভিন্ন প্ৰান্তত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উদযাপন

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ  ৫৭২ সংখ্যক জন্মজয়ন্তী নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰো বিভিন্ন প্ৰান্তত শনিবাৰৰ পৰা নাম-প্ৰসংগৰে উদযাপন কৰে ।  নলবাৰী জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূূব নলবাৰী আঞ্চলিক তথা মুখ্য কাৰ্য্যলয় ঘগ্ৰাপাৰ আঞ্চলিক নামঘৰত নামঘৰৰ মুখ্য সম্পাদক গংগাধৰ তালুকদাৰ নেতৃত্বত আই-মাতৃসকলে নাম কীৰ্তন কৰে।ইফালে,পাটকতা প্ৰাথমিক নামৰ চেনিকুছি (পাটকতা) পুৰণি কীৰ্তন ঘৰতো পৰিচালনা সমিতিৰ সভাপতি তথা গাঁও সভাৰ সদস্য ৰাতুল বৰ্মন আৰু সম্পাদক তথা গাঁওবুঢ়া দিপেন বৰ্মনৰ তত্বাৱধানত দিনযোৰা কাৰ্য্যসূচীৰে শংকৰদেৱৰ ৫৭২ সংখ্যক জন্মজয়ন্তী উৎসৱ পালন কৰা হয়।পশ্চিম বনভাগ আঞ্চলিক শাখাৰ অন্তৰ্গত  কৃষ্ণজ্যোতি প্ৰাথমিক শাখাৰ জাৱজাৱকুছি নামঘৰ প্ৰাংগত দিনজোৰা কাৰ্য্যসূচীৰে   উদযাপন কৰা হয়।কাৰ্য্যসূচী অনুসৰি ৰাতিপূৱা  ধৰ্মধ্বজ্বা  উত্তোলন কৰে  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম বনভাগ আঞ্চলিক শাখা উপসভাপতি ধনচিত ৰাজবংশীয়ে।নাম প্ৰসংগ কৰে পশ্চিম বনভাগ আঞ্চলিক শাখা সভাপতি পৰেশ কলিতাই।আই-মাতৃসকলৰ  নাম কীৰ্ত্তনৰ আঁঁত ধৰে সবিতা কলিতাই।লগতে,স্থানীয় কৃৃৃতী ছাত্ৰী নীপামনি মজুমদাৰ , ভূপালী  কলিতা আৰু এগৰাকী বয়োজ্যেষ্ঠ  ব্যক্তিক ফুলাম গামোচা আৰু  ধৰ্মগ্ৰন্থৰে  সম্বন্ধনা  জনায় । সম্বৰ্ধনা অনুষ্ঠানটোত পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি  তথা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক  সদস্য ৰঞ্জিত শৰ্মা, সাংবাদিক শংকৰ কলিতা আদি বিভিন্নজন অতিথি হিচাপে উপস্থিত থাকে । সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁঁত ধৰে  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম বনভাগ আঞ্চলিক শাখাৰ  সভাপতি পৰেশ কলিতাই।ইফালে, উত্তৰ ঘগ্ৰাপাৰ (বাঘমাৰা ) শংকৰ -মাধৱ নামঘৰতো দিনযোৰা কাৰ্যসূচীৰে শংকৰদেৱৰ জন্মজয়ন্তী পালন কৰা হয়।

Your Comments