#বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:
জয় গুৰু শঙ্কৰ সবৰ্ব গুণাকৰ
যাকেৰি নাহিকে উপাম৷
তোহাৰি চৰণক ৰেণু শতকৌটি
বাৰেক কৰোহোঁ প্ৰণাম৷৷
জগৎগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ শনিবাৰে ৫৭২ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱ।এই পৱিত্ৰ দিনটোত নাম-প্ৰসঙ্গৰে বৰপেটাৰোড সত্ৰৰ চৌদিশ মুখৰিত হয়। গুৰুজনাৰ আদৰ্শৰে ভকত-বৈষ্ণৱ আৰু আইমাতৃসকলে সামাজিক দূৰত্ব বজাই ৰাখি হৰিনাম,খোলতাল বজাই শঙ্খধ্বনিৰে বৰপেটাৰোড শাখা সত্ৰৰ চৌহদৰ ভিতৰতে 'ভাগৱত শোভাযাত্ৰা'প্ৰদৰ্শন কৰে।দিনৰ ১১বজাৰ পৰা বাপুসকলে থিয় নাম আৰু আইসকলে দিহানাম প্ৰদৰ্শন কৰে।
আবেলি ৩ বজাত ধৰ্মালোচনী 'নিৰ্মালি' নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।ঘৰে ঘৰে চাকি-বন্তি জ্বলাই সমাজৰ মঙ্গলাৰ্থে প্ৰাৰ্থনা জনাই এদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰে।
- Log in to post comments
- 37 views