মহানগৰীত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

Protest

*মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী*

গুৱাহাটীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত বুধবাৰে দুপৰীয়াৰ ভাগত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।ৰাজপথৰ মাজত মুখ্যমন্ত্ৰী সোণোৱাল আৰু যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰুদ্ধে লেই-লেই,চেই-চেই ধ্বনিত উত্তাল হয় সমগ্র পৰিৱেশ।

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতা-হতি হোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আটক কৰে প্ৰতিবাদকাৰীসকলক।

Protest

প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে ফেচিষ্ট চৰকাৰ বিৰুদ্ধে সংগ্রাম চলি থাকিব।মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰী নিদ্ৰাত থকাৰ বাবে ৰাইজে আজি দুৰ্ভোগ ভুগিব লগা হৈছে।গণতান্ত্ৰিকভাৱে সাব্যস্ত কৰা প্ৰতিবাদক আৰক্ষীৰ হতুৱাই ফেচিষ্ট চৰকাৰে নিয়ন্ত্ৰণ কৰিব বিচাৰিছে।

উল্লেখ যে প্ৰায় অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।গুৰুত্বপূৰ্ণ যে ৰাজ্যত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ নাগৰিকসকলক।ৰাজ্য চৰকাৰৰ নাই কোনো গুৰুত্ব।

Your Comments