আজি দিনৰ ১২ বজাত অংকুৰিত হ'ব আছু-যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক দলৰ বীজ! 

Aasu

ৰাজ্যবাসীৰ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই আজি ৰাজনীতিৰ ইতিহাসত অংকুৰিত হ'ব বহু প্ৰত্যাশিত সদৌ অসম ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নতুন আঞ্চলিক দল।দিনৰ ১২ বজাত গুৱাহাটীৰ এখন হোটেলত সংগঠন দুটাই যৌথ সংবাদমেলৰ জৰিয়তে নতুন দলৰ বীজ অংকুৰিত কৰিব।

উল্লেখ যে চূড়ান্ত ৰাজনৈতাক দলটো ঘোষণা কৰা হ'ব অহা নৱেম্বৰ মাহত।আজি সংবাদমেলত সংগঠন দুটাই নতুন ৰাজনৈতিক দলৰ আহ্বায়ক সমিতি ঘোষণা কৰাৰ কথা।

বহু প্ৰত্যাশিত আহ্বায়ক সমিতিত কোন কোন থাকিব,সবিশেষ জনাৰ বাবে অপেক্ষা কৰিব লাগিব দিনৰ ১২ বজালৈ।

Your Comments