'আছু'-৩০ জনগোষ্ঠীয় সংগঠনৰ বৈঠকৰ সিদ্ধান্তসমূহ পঢ়ক

Aasu

'আছু'-৩০জনগোষ্ঠীয় সংগঠনৰ হোটেল প্ৰাগ কণ্টিনেন্টেলত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

৩০ জনগোষ্ঠীয় সংগঠনে ৬নং দফা কমিটীৰ প্ৰতিবেদনক আদৰণি জনা।লগতে শীঘ্ৰে কমিটীৰৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবে দাবী জনাই কেন্দ্ৰীয় চৰকাৰক। 

ইআইএ, বাঘজান, ৬নং দফা ৰূপায়ণৰ লগতে অন্যান্য দাবীত ২৫ ছেপ্টেম্বৰত জিলাই জিলাই আছু-৩০ জনগোষ্ঠীয় সংগঠনে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিব।

ইফালে,নতুন ৰাজনৈতিক দল গঠনৰ পূৰ্বে  ৩০ জনগোষ্ঠীয় সংগঠনৰ লগত সুকীয়া সুকীয়াকৈ বহাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় সভাত।এই কথা অৱগত কৰিলে আছু সভাপতি দীপাংক নাথে।

আনহাতে,গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয়-"৬ নং দফাৰ প্ৰতিবেদনৰ সন্দৰ্ভত মুখ খোলা নাই চৰকাৰে।কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এই প্ৰতিবেদন পাইছে গৈ নাই সেই কথা অসমবাসীৰ ৰাইজ অৱগত নহয়।"

বাঘজানৰ ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণৰ দাবী জনাই লুৰিনে কয়-"ইআইএ-২০২০ৰ যোগেদি সম্পদ লুণ্ঠন ষড়যন্ত্ৰক কৰিছে।"

Your Comments