আছু-যুৱ ছাত্র পৰিষদৰ ৰাজনৈতিক দললৈ ৭০সংগঠনৰ বিশেষ পত্ৰ, সম্পূৰ্ণকৈ পঢ়ক

Aasu

নিউজ ডেস্ক :

*আছু-যুৱ ছাত্ৰ পৰিষদৰ ৰাজনৈতিক দলত চামিল হ'ব ৭০ সংগঠন!*

'আছু'-যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হ'ব লগা নতুন ৰাজনৈতিক  
দললৈ শুভেচ্ছা জনাই কৃষক মুক্তি সংগ্রাম সমিতিসহ ৭০ সংগঠনে আছু-যুৱ ছাত্ৰ পৰিষদলৈ প্ৰেৰণ কৰিছে বিশেষ পত্ৰ।বিজেপিক ৰাজনৈতিকভাৱে প্ৰতিহত কৰাৰ বাবে সকলো জাতীয়-জনগোষ্ঠীয়,জনজাতীয় সংগঠন ঐক্যবদ্ধ হৈ সন্মিলিতভাৱে এটা আঞ্চলিক দল গঠন কৰাৰ বাবে আছু-যুৱ ছাত্ৰ পৰিষদক আহ্বান ৭০সংগঠনৰ।A

"অসমৰ সকলো 'কা' বিৰোধী জাতীয় শক্তি ঐক্যবদ্ধ হৈ উমৈহতীয়া ৰাজনৈতিক দল গঠন কৰিলেহে বিজেপি-আৰএছএছ,কংগ্ৰেছ-এআইইউডিএফক পৰাভূত কৰি অসমৰ থলুৱা জনগণৰ নেতৃত্বত এখন সুস্থ-সৱল চৰকাৰ গঠন কৰাটো সম্ভৱ হ'ব" - ৭০ সংগঠনে এইদৰে উল্লেখ কৰিছে পত্ৰত।As

আটাছু হৈ মিলন বৰগোঁহাই, মৰাণ ছাত্ৰ সন্থাৰ নৱ মৰানে ৭০ সংগঠনৰ পত্ৰখন আছু নেতৃত্বক অৰ্পণ কৰে।

Your Comments