"এটা দল,এখন পতাকা,এখন সংবিধানৰ আঁৰত গঠন হ'ব লাগিব নতুন ৰাজনৈতিক দল"-৭০ সংগঠনৰ উমৈহতীয়া ঘোষণা

কৃষক মুক্তি

*শিৱসাগৰৰ উপ-নির্বাচনত অখিল গগৈক নিৰ্দলীয়া প্ৰাৰ্থী হিচাপে অৱৰ্তীন হোৱা আহ্বান ৭০সংগঠনৰ*

*আছু,৩০ সংগঠনৰ নেতৃত্বৰে ৭০ সংগঠনৰ আশীদাৰী টাই আহোম ছাত্ৰ সন্থাৰ বুধবাৰে বৈঠক*


গুৱাহাটীৰ গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যালয়ত ৭০টাকৈ জাতীয় সংগঠনে অনুষ্ঠিত কৰে বৈঠক।বৈঠকত গ্ৰহণ কৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি অসমৰ জনতাক অৱগত কৰিলে সিদ্ধান্তৰ কথা।

বিজেপি-আৰএছএছক প্ৰতিহত কৰাৰ বাবে টঙালি বন্ধা বুলি উল্লেখ কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে কয়-"২১ত বিজেপিক প্ৰতিহত কৰিব নোৱাৰিলে অসমৰ জাতীয় জীৱন সুৰক্ষিত নহয়।সৰ্বানন্দ- হিমন্তই দিল্লীৰ দালালী কৰি আছে।এইসকলক অসমৰ পৰা পুলিয়ে পোখাই উভালি পেলাব লাগিব।"

বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ ঐতিহাসিক বুলি উল্লেখ কৰি টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বৰগোঁহাইয়ে কয়-"এটা দল,এখন পতাকা,এখন সংবিধানৰ তলত সকলো একত্ৰিত হৈ বিজেপি বিৰুদ্ধে থিয় হ'ব লাগিব।"

শিৱসাগৰৰ উপ-নির্বাচনত কৃষক নেতা অখিল গগৈক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৭০টা সংগঠনে।অৱশ্যে এই সন্দৰ্ভত কাৰাবন্দী কৃষক নেতাগৰাকীৰ পৰা সন্মতি গ্ৰহণৰ বাবে প্ৰেৰণ কৰিব পত্ৰ।এই কথা বৰগোঁহাই অৱগত কৰে।

৭০ সংগঠনৰ নেতৃত্বই কৃষক মুক্তিৰ ৰাজনৈতিক দল গঠনৰ ঘোষণাক আদৰণি জনোৱা বুলি উল্লেখ কৰি তেওঁ কয়-"কৃষক মুক্তিয়ে দল গঠন কৰাৰ কথা ঘোষণা ৭০ সংগঠনক অৱগত কৰি মতামত,দিহা-পৰামৰ্শ গ্ৰহণ কৰিছে,তাৰ বাবে আদৰণি জনাইছোঁ।"

আছু-যুৱ ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দল গঠন কৰা সন্দৰ্ভত ৭০ টা সংগঠনৰ উমৈহতীয়া প্ৰস্তাৱ পৃথকে-পৃথকে নহয়,সকলো একেলগ হৈ যুুঁজ দিব লাগে।এই বিষয়ত ৭০ সংগঠনৰ মজিয়াৰ পৰা টাই আহোম ছাত্ৰ সন্থাই আছু,৩০ জনগোষ্ঠীয় সংগঠনৰ সৈতে বুধবাৰে গুৱাহাটীত এক বৈঠকত মিলিত হৈ ৭০ সংগঠনৰ প্ৰস্তাৱসমূহ দাঙি ধৰিব বুলি মিলন বৰগোঁহাইয়ে জানিবলৈ দিয়ে।

Your Comments