ৰাজনৈতিক দল গঠন সন্দৰ্ভত 'আছু',৩০ জনগোষ্ঠীয় সংগঠনৰ গুৱাহাটীত বৈঠক আৰম্ভ

Aasu

সদৌ অসম ছাত্ৰ সন্থাসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ বৈঠক আৰম্ভ হৈছে গুৱাহাটীত।আছু-যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব গঠন হ'ব লগা ৰাজনৈতিক দল সন্দৰ্ভত ৩০ জনগোষ্ঠীয় সংগঠনৰ মতামত গ্ৰহণ কৰাৰ বাবে পাণবজাৰৰ হোটেল প্ৰাগ কন্টিনেল্টেতত দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হৈছে বৈঠক।

উল্লেখ যে অহা এসপ্তাহৰ ভিতৰত আছু-যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হ'ব নতুন ৰাজনৈতিক দল।তাৰ পূৰ্বে ৩০ টা সংগঠনৰ মতামত বিচাৰি আয়োজন কৰা হৈছে বৈঠকখনৰ।

৩০ টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব উপস্থিত আছে বৈঠকত।উপস্থিত আছে 'আছু' সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ।

Your Comments