#গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
দেওবাৰে সন্ধিয়া এটা দু:খবৰে শোকস্তব্ধ কৰিলে গোলাঘাটবাসীক।বিভাকৰ নাগ নামৰ এজন প্ৰচুৰ সম্ভাৱনাময় খেলুৱৈৰ আকস্মিক বিয়োগে হঠাৎ যেন শোকৰ বন্যা বোৱালে গোলাঘাটৰ ক্ৰীড়াপ্ৰেমীৰ মাজত।গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ নিয়মীয়া ক্ৰিকেট খেলুৱৈজনে ২০১৯-২০ বৰ্ষত অসম দলক প্ৰতিনিধিত্ব কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ স্বাক্ষৰ বহন কৰিছিল।মাত্ৰ ২০ বছৰ বয়সীয়া বিভাকৰ ৰাইট আৰ্ম মিডিয়াম ফাষ্ট বলাৰ আছিল আৰু অসম দলৰ হৈ অংশগ্ৰহণ কৰোঁঁতে মুঠ ২০ টা উইকেট ল'বলৈ সক্ষম হৈছিল।
জানিব পৰা মতে,পানীত পৰি নিখোজ হৈ থকা বিভাকৰে দেওবাৰে পুৱা ৫ জন বন্ধুৰ লগত বোকাখাতৰ কাকচাং জলপ্ৰপাত চাবলৈ গৈছিল আৰু গা ধুবলৈ বুলি পানীত নামোতে হঠাৎ অহা পানীৰ ঢলে এই উদীয়মান খেলুৱৈজনৰ লগতে অন্য এজন বন্ধুকো উটুৱাই লৈ যায়।এনডিআৰএফ বাহিনীয়ে চলোৱা উদ্ধাৰ অভিযানত সোমবাৰে পুৱাৰ ভাগত দুয়োজনকে মৃত অৱস্থাত উদ্ধাৰ কৰে।
উল্লেখ্য যে বিভাকৰৰ পিতৃ হাবোল নাগো এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। হাবোল নাগৰ দুটি সন্তানৰ একমাত্ৰ পুত্ৰ বিভাকৰৰ এনে আকস্মিক মৃত্যুত গোলাঘাট জিলা ক্ৰীড়া সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰিছে।
- Log in to post comments
- 37 views