মৃণাল ডেকা,শুৱালকুছি:
ভাৰতীয় ষ্টেট বেংকৰ শুৱালকুছি শাখাৰ উদ্যোগত শাখাটোৰ প্ৰাংগনত শনিবাৰে শিক্ষক দিৱস পালন কৰা হয়।শাখা প্ৰৱন্ধক দ্বীপজ্যেতি কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত যোগেন্দ্ৰ ভৰালী(অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক,গণেশ দাস হাইস্কুল),শৈলেন শৰ্মা(অৱসৰপ্ৰাপ্ত শিক্ষক, শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়),ডিম্বেশ্বৰ চৌধুৰী(অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক,শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়),বিভাৰাণী কাকতি(প্ৰধান শিক্ষয়িত্ৰী, শুৱালকুছি কালিৰাম কালিকৰ ছোৱালী হাইস্কুল),গৌৰাঙ্গ বৰা,(বিষয় শিক্ষক,হালোগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়),সবিতা দেৱী,(প্ৰধান শিক্ষয়িত্ৰী,শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়)ক সম্বৰ্ধনা জনোয় হয়।
সভাত সম্বৰ্ধনা গ্ৰহণ কৰি গণেশ দাস হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেন ভৰালীয়ে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ জড়িয়তে কেনেকৈ এখন সুন্দৰ সমাজ গঢ় দিবলৈ পাৰি,তাৰেই বহল বাখ্যা দাঙি ধৰে।সভাত সম্বৰ্ধনা গ্ৰহণ কৰা হালোগাঁঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক গৌৰাঙ্গ বৰায়ো বক্তব্য প্ৰদান কৰে।সভাত উপস্থিত থাকে সদৌ শুৱালকুছি ষ্টেট বেংকৰ শাখাৰ কৰ্মচাৰীসকল।
- Log in to post comments
- 55 views