*কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ প্ৰসংগ:বঙাইগাঁৱত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ মটৰ চাইকেল সমদল*
*মুখ্য কাৰ্যবাহী সদস্য কোন হ'ব এতিয়ালৈকে আলোচনাই হোৱা নাই*
বঙাইগাঁঁৱৰ প্ৰতিবেদক:
অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ বৃহস্পতিবাৰে অন্তিম দিনা কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ বিধেয়কখন গৃহীত হোৱাত পৰিষদখন গঠনৰ বাট মুকলি হোৱাত উৎফুল্লিত হৈ পৰিছে বিভিন্ন কোচ ৰাজবংশী সংগঠনসমূহ ৷ আনন্দতে ফুটাইছে ফটকা , খেলিছে হোলী ৷ উলিয়াইছে মটৰ চাইকেল সমদল ৷ আজিও বঙাইগাঁও চহৰত কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে এক মটৰ চাইকেল সমদল উলিয়াই আনন্দ - উল্লাস প্ৰদৰ্শন কৰাৰ লগতে চৰকাৰক জনায় ধন্যবাদ ৷ চহৰখনৰ বৰপাৰা ৰাজহুৱা খেল পথাৰৰ পৰা উলিওৱা মটৰ চাইকেল সমদল চহৰখনৰ মাজেৰে গৈ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখেৰে দোলাইগাঁও আদি অঞ্চল পৰিভ্ৰমণ কৰি পুনৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত সামৰণি মাৰে ৷ মটৰ চাইকেল সমদলকাৰীসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ডলৈ গোটেই পথছোৱা কেএচি লংলিভ , কোচ ৰাজবংশী সংগ্ৰাম সমিতি জিন্দাবাদ , অসম চৰকাৰ জিন্দাবাদ , ন কমতাপুৰ ন ৰেষ্ট, ন এছ টি ন ৰেষ্ট , অতুল ৰায় জিন্দাবাদ,কেএচি ৱেলকাম আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ইফালে, মটৰ চাইকেল সমদল কাৰ্যসূচীত উপস্থিত থাকি সংগঠনটোৰ সভাপতি অতুল ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে অসম বিধানসভাৰ অধিৱেশনৰ কালি অন্তিম দিনা কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ যিখন বিধেয়ক সেইখন বিধান সভা তথা চৰকাৰে অনুমোদন জনালে আৰু এটা আইনী ৰূপ পালে ৷ তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছো ৷ লগতে,অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , যোগানমন্ত্ৰী ফনীভূষণ চৌধুৰী ,জনজাতি উন্নয়নমন্ত্ৰী চন্দন ব্ৰহ্মক আমি কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছো আৰু লগতে এই গোটেই প্ৰক্ৰিয়াৰ লগত জড়িত অসম বিজেপিৰ নেতৃবৃন্দ, অগপৰ নেতৃবৃন্দ তথা অন্যান্য যিসমূহ সৰু দল আছে, সকলোকে আমি ধন্যবাদ জনাইছো ৷ কাৰণ আমাৰ যিখন বহু প্ৰতীক্ষিত তথা যাৰ কাৰণে আমি স্বীকৃতি বিচাৰি আছিলো কালি ( বৃহস্পতিবাৰে ) স্বীকৃতি পালো ৷ সেয়ে তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছো ৷ সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীয়ে লগতে আৰু কয় যে আমি পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীক নস্যাৎ কৰা নাই ৷ এই দাবীৰ পৰা আমি কেতিয়াও আতৰি নাযাও ৷ আজি প্ৰায় তিনিটা দশক ধৰি পৃথক কমতাপুৰ ৰাজ্যৰ দাবী জনাই আহিছো ৷ এই দাবীৰ ফলতো আমি পৃথক কমতাপুৰ পোৱা নাই ৷ পৃথক কমতাপুৰ ৰাজ্যৰ লগত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ তুলনা নহয় ৷ কিন্তু আমি চৰকাৰৰ পৰা কমতাপুৰ শব্দটোৰ এটা মান্যতা পালো ৷ যিটোৰ মান্যতা পাবৰ কাৰণে আমি সুদীৰ্ঘদিন আন্দোলন কৰি আহিছিলো ৷ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদত কি আছে কি নাই আমি নাজানো ৷ কিন্তু আমি এটা মান্যতা পালো ৷ যিহেতু সেই মান্যতা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে দিলে ,সেই কাৰণে তেওঁলোকক আমি ধন্যবাদ জনাইছো ৷ সভাপতি ৰায়ে কোচ ৰাজবংশী ৰাইজক উদ্দেশ্যি কয় যে ৰাইজে ভয় খাব নালাগে ৷ আমি পৃথক কমতাপুৰৰ দাবী পৰিহাৰ নকৰো। ৷সেইদৰে জনজাতিকৰণৰ দাবী পৰিহাৰ কৰাৰতো প্ৰশ্নই উঠিব নোৱাৰে ৷ কাৰণ আমাৰ জনজাতিকৰণ নোহোৱালৈকে জনজাতিকৰণৰ দাবী চলিয়ে থাকিব ৷ ইপিনে কেৱল তিনিখন জিলাক সাঙুৰি কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা হ'ল যদিও বাকী বিটিএডিকে আদি কৰি অসমৰ আন জিলাত থকা কোচ ৰাজবংশীসকলৰ বিষয়ে কি চিন্তা কৰিছে বুলি সাংবাদিকে প্ৰশ্ন কৰাত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীয়ে কয় যে সেই দিশটোৰ প্ৰতি চিন্তা কৰি থকা হৈছে ৷ যাৰ কাৰণে আমাক জনজাতিকৰণটো লাগে ৷ আমাক যদি জনজাতিকৰণ দিয়া হয়,তেতিয়াহলে আমাৰ কিছু সমস্যা সমাধান হ'ব ৷ লগতে পূৰ্বৰ পৰা আমাৰ যিখন কোচ ৰাজবংশী উন্নয়ন পৰিষদ আছে সেইখনক অধিক পুঁজি আৱণ্টন দি ৰাইজে যিটো সা- সুবিধা পোৱা ব্যৱস্থা, সেই ব্যৱস্থাটো উন্নত কৰি পৰিষদখনক অধিক শক্তিশালী কৰাৰ লগতে গ্ৰহণযোগ্যতা আনিব লাগে বুলি আমি বাৰম্বাৰ চৰকাৰক দাবী জনাই আহিছো বুলিও কয় ৷ আনহাতে, অসমৰ আন জিলাত থকা কোচ ৰাজবংশীসকলক অনুৰোধ জনাই সভাপতি ৰায়ে পুনৰ কয় যে তেওঁলোকে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদক লৈ ভয় খাব নালাগে ৷ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদক লৈ আমি কেতিয়াও বিভাজন আনিবলৈ চেষ্টা নকৰো ৷ আমি গোটেই অসমৰ কোচ ৰাজবংশীসকল একেলগে আছো ৷ বহুতে ভাবিছে যে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদখন হোৱাৰ পিচত আমাৰ মাজত বিভাজন হ'ল ৷ কিন্তু আমি কেতিয়াও বিভাজন নহও ৷ আমি একেই কোচ ৰাজবংশী ৷ সকলোৱে একে ৷ আমাক কেৱল অবিভক্ত গোৱালপাৰা জিলাৰ বিটিএডি বহিৰ্ভূত আৰু ৰাভা হাছং বহিৰ্ভূত এলেকাক বাদ দি কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ দিলে ৷ এই অঞ্চলটো বিশেষ কিছু কাৰণবশত সুৰক্ষাৰ প্ৰয়োজন আছে আৰু এই প্ৰয়োজনটো আমি সকলোৱে অনুভ কৰো ৷ এই গোটেই অঞ্চলটোৰ কেৱল কোচ ৰাজবংশীসকলেই নহয় বৰং বাকী জনগোষ্ঠীসকলেও অনুভৱ কৰে যে আমাৰ এই অঞ্চলটো শেষ হৈ গৈ আছে ৷ সেই কাৰণে আমি কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ দাবী কৰিছিলো ৷ আমি জনজাতিকৰণৰ দাবীটো সজৰে উত্থাপন কৰিম আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদখন অধিক শক্তিশালী কৰি কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ এলেকাৰ বাহিৰৰ যিখিনি কোচ ৰাজবংশী লোক আছে, তেওঁলোকে যাতে চৰকাৰৰ পৰা সকলো সুবিধা পায় সেই প্ৰচেষ্টাটো আমাৰ সদায় থাকিব ৷ সেইদৰে বিটিএডিত অন্যান্য জনগোষ্ঠীৰ অধিকাৰ খৰ্ব কৰাৰ দৰে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদতো খৰ্ব হ'ব নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত নেতাগৰাকীয়ে কয় যে ইয়াত তেনে নহয় ৷ কাৰণ ইয়াত যি আসনৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ভাগ কৰা আছে ৷ কোচ ৰাজবংশীসকলৰ কাৰণে যিদৰে বিশেষভাৱে আসন সংৰক্ষণ থাকিব , ঠিক তেনেদৰে কোচ ৰাজবংশীসকলৰ বাহিৰে আন জনগোষ্ঠীসকলৰ লোকৰ বাবেও সংৰক্ষণ ব্যৱস্থা থাকিব ৷ আনহাতে যিখিনিৰ পৰা নিৰ্বাচন হৈ আহিব নোৱাৰে তাৰ বাবে চৰকাৰৰ দ্বাৰা মনোনীত সদস্যৰ ব্যৱস্থা থাকিব বুলিও কয় ৷ ইপিনে পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য কোন হ'ব বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে মুখ্য কাৰ্যবাহী সদস্য কোন হ'ব এতিয়ালৈকে আলোচনা হোৱা নাই ৷ মুখে মুখে বহু কিবাকিবি কোৱা হয় যদিও এই বিষয়ত বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে কোনো আলোচনা হোৱা নাই ৷
- Log in to post comments
- 21 views