"বৰঘৰত সোমাইছে ক'ভিড,জটিলৰ পৰা জটিলতালৈ আমি গৈ আছোঁ"-স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা 

Dr.Himanta Biswa Sarma

"ৰাজ্যৰ পৰিৱেশ জটিলৰ পৰা অধিক জটিলতালৈ গৈ আছে।বৰঘৰত প্ৰৱেশ কৰিছে ক'ভিড।প্ৰতিদিনে তিনি সহস্ৰাধিক লোক আক্রান্ত হৈছে ক'ভিডত"- হতাশাৰে ৰাজ্যবাসীক অৱগত কৰিলে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

ডেৰ শতাংশ পজিটিভ ৰোগী বৃদ্ধি পাইছে ৰাজ্যত।এই সময়ত আমাৰ হাতত ল'বলৈ একো ব্যৱস্থা নাই।মাত্ৰ মাক্স আৰু সামাজিক দূৰত্ব ৰাজ্য চৰকাৰৰ হাতত আছে বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"ৰাজ্য চৰকাৰে নিজাকৈ লকডাউন দিব নোৱাৰে।কেন্দ্ৰৰ অনুমতি লৈহে দিব পাৰিব লকডাউন।"

গুৱাহাটী উচ্চ ন্যায়ালয়ে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিত উদ্বেগ প্ৰকাশ কৰি প্ৰশাসনক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে।মাক্স পৰিধান নকৰিলে জৰিমনা বাধ্যতামূলক কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰিছে।ন্যায়ালয়ৰ নিৰ্দেশ কঠোৰভাৱে প্ৰয়োগ কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰশাসনৰ সৈতে শনিবাৰে বৈঠকত মিলিত হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিব দিয়ে।

মন্ত্ৰী শৰ্মাই ৰাজ্যবাসীক সাৱধান হোৱাৰ আহ্বান জনায় কয়-"দৈনিক তিনি সহস্ৰাধিকৰ অধিক  আক্ৰান্ত হ'লে পৰিস্থিতি অধিক বেয়ালৈ যাব।ৰাইজ তাৰ আগতে সতৰ্ক হওক।"জনতা ভৱনত সম্বোধন কৰা এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

Your Comments