*সাপ্তাহিক লকডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ*
শনিবাৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ'ব আনলক-৪।ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই সন্দৰ্ভত জাৰি কৰিলে নিৰ্দেশনা।অহা ৩০ ছেপ্টেম্বৰলৈকে আনলক-৪ৰ নীতি- নিয়ম কাৰ্যকৰী হৈ থাকিব ৰাজ্যত।
ৰাজ্য প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে ২৯ আগষ্টত কেন্দ্ৰৰ পৰা যি নিৰ্দেশনা জাৰি কৰিছে,সেই নিয়মসমূহ অসমত এতিয়া প্ৰযোজ্য হ'ব।নিয়মসমূহ হৈছে-
অসমত সাপ্তাহিক লকডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে।
বিদ্যালয়,মহাবিদ্যালয়,কোচিং ইনষ্টিটিউটসমূহত নিয়মীয়া শ্ৰেণী ৩০ ছেপ্টেম্বৰলৈকে বন্ধ থাকিব।
অনলাইন ক্লাছ আৰু দূৰ শিক্ষা চলি থাকিব।
কণ্টেইনমেণ্ট জ'নৰ বাহিৰত শিক্ষানুষ্ঠানত ৫০ শতাংশ শিক্ষক-কৰ্মচাৰী উপস্থিত থাকি অনলাইন শিক্ষা আৰু অন্যান্য যাৱতীয় কাম -কাজসমূহ কৰিব পাৰিব।
নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ছাত্ৰ-ছাত্ৰীসকলে কোনো কথা আলোচনা কৰাৰ বাবে বিদ্যালয়লৈ আহিব পাৰিব।তাৰ বাবে লিখিত অনুমতি লাগিব অভিভাৱক তথা বিদ্যালয়ৰ ফালৰ পৰা।
উচ্চশিক্ষা প্ৰতিষ্ঠানসমূহত গৱেষণামূূলক কাম-কাজসমূহত অনুমতি প্ৰদান কৰা হৈছে।তাৰ বাবে অনুমতি ল'ব লাগিব আৰু কভিড নীতি-নিয়ম মানি চলিব লাগিব।
ৰাজহুৱা খণ্ডৰ সকলো পৰিবহণ সেৱা ৭ ছেপ্টেম্বৰ পৰা চলাচল কৰিব পাৰিব সামাজিক দূৰত্ব মানি চলি।
সামাজিক, সাংস্কৃতিক, শৈক্ষিক, খেলৰ লগত জড়িত, বিনোদন, ধৰ্মীয় অনুষ্ঠান, ৰাজনৈতিক কাৰ্যসূচী সৰ্বোচ্চ ১০০ গৰাকী ব্যক্তিক লৈ ২১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত কৰিব পাৰিব।বিবাহ অনুষ্ঠানত ২০ ছেপ্টেম্বৰলৈ ৫০ জন আৰু মৃতকৰ সৎকাৰ অনুষ্ঠান ২০ জন মানুহ সমবেত হ'ব পাৰিব।
চিনেমা হল, ছুইমিং পুল, উদ্যান,থিয়েটাৰ আদি বন্ধ থাকিব।
কন্টেইনমেন্ট জ'নসমূহত ৩০ ছেপ্টেম্বৰলৈ কঠোৰভাৱে লকডাউন কাৰ্যকৰী হৈ থাকিব।
ৰাজ্যত ঘূৰা-ফুৰা কৰাৰ বাবে কোনো ধৰণৰ বাধা নাথাকিব এতিয়াৰে পৰা।
৬৫ বছৰৰ ওপৰৰ ব্যক্তি,১০ বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলা চিকিৎসাজনিত কাৰণৰ বাহিৰে অন্য কাৰণত ঘৰৰ পৰা নোলাব।
মাক্স পৰিধান নকৰিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা।
উল্লেখ যে আনলক-৪ কাৰ্যকৰী হ'ব ৫ ছেপ্টেম্বৰৰ পৰা।
- Log in to post comments
- 33 views