*চাহ বাগিচা ধন পুৰস্কাৰ মেলা আঁচনিৰ একাউণ্টত সোমাব এই টকা*
ৰাজ্যৰ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে ভাল খবৰ।১৫ নৱেম্বৰৰ ভিতৰত 'চাহ বাগিছা ধন পুৰস্কাৰ মেলা' আঁচনিৰ অধীনত খোলা বেংক একাউণ্টত জমা হ'ব আকৌ ৩০০০ টকাকৈ।ঘোষণা কৰিলে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
২০১৭-১৮ বিত্তীয় বর্ষত আঁচনিৰ অধীনত ৬ লাখ ৩৩ হাজাৰ ৪১১টা বেংক একাউন্ট খোলা হৈছিল।২০১৮-১৯ বৰ্ষত ইয়াৰ সৈতে ৭৫ হাজাৰ যোগ হৈ ৭ লাখ ১৫ হাজাৰ ৯৭৯ টালৈ বৃদ্ধি হৈছিল একাউন্ট।সেই সময়ত অসম চৰকাৰে উক্ত একাউণ্টত জমা দিছিল ২৫০০টকাকৈ।পুনৰ এইসমূহ একাউণ্টত ৩০০০টকাকৈ জমা দিব চৰকাৰে।মন্ত্ৰী শৰ্মাই কয়।
গুৰুত্বপূৰ্ণ যে ২০২১ৰ নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চাহ শ্ৰমিক ভোটাৰক আকৰ্ষণ কৰাৰ বাবে চৰকাৰৰ এই ঘোষণা।
- Log in to post comments
- 26 views