অসম চৰকাৰৰ দুর্গা পূজা আয়োজনৰ অনুমতিৰ বিৰোধিতা আলফা(স্বা)ৰ

Durga Puja

*ক'ৰ'নাৰ বাবে জাতীয় উৎসৱ ৰঙালী বিহু বৰ্জন কৰিবলৈ নিৰ্দেশ দিয়া চৰকাৰে কি যুক্তিত দুৰ্গা পূজা আয়োজনৰ অনুমতি দিছে?- আলফা(স্বা)*

ক'ৰ'না আতংকৰ মাজতে শাৰদীয় দুৰ্গা পূজাৰ আয়োজনৰ চৰকাৰৰ অনুমতিৰ বিৰোধিতা আলফা(স্বা)ৰ।সংবাদ মাধ্যমলৈ সংগঠনটোৰ পৰা প্ৰেৰণ কৰা বিবৃতিত উল্লেখ কৰিছে এইদৰে-"ক'ভিড-১৯-এ অসমৰ ৰাইজৰ মাজত সংক্ৰমণৰ ৰূপ লোৱাৰ সময়তে অসম চৰকাৰে শাৰদীয় দুৰ্গা পূজাৰ আয়োজন কৰিবলৈ লোৱা আঁচনিৰ আমি বিৰোধিতা কৰিছোঁ।"

Ulfa

"ক'ভিড-১৯ৰ বাবে অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু বৰ্জন কৰিবলৈ নিৰ্দেশ দিয়া চৰকাৰখনে কি যুক্তিৰ আধাৰত দুৰ্গা পূজা আয়োজনৰ অনুমতি দিছে"- সংগঠনটোৱে কয়।

অসমৰ সমাজ বা জাতি ধৰ্মভিত্তিক নহয়।তেনেস্থলত মোডীক সন্তুষ্ট কৰাৰ স্বাৰ্থত অতি হিন্দু হ'বলৈ যোৱা অসম চৰকাৰখনক জনস্বাস্থ্য বিৰোধী সিদ্ধান্ত বাতিল আৰু দুৰ্গা পূজা বন্ধ কৰাৰ আহ্বান জনাইছে সংগঠনটোৱে।

Your Comments