ৰঙিয়াত অভিৰুচি ক্ৰীড়া দিৱসত মন্ত্ৰী ভৱেশ কলিতা

ৰঙিয়াত অভিৰুচি ক্ৰীড়া দিৱসত মন্ত্ৰী ভৱেশ কলিতা

সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো ৩৫সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদ্‌যাপন কৰা হয় । ৰঙিয়া ষ্টেচন ৰোডৰ পৰা হোৱা সামূহিক দৌৰত বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।

সামূহিক দৌৰৰ ফ্লেগ-অফ্‌ কৰে জলসিঞ্চন, ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী ভৱেশ কলিতাই । মন্ত্ৰী ভৱেশ কলিতাই ফ্লেগ-অফ্‌ কৰি কয় যে অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো সমগ্ৰ অসমতে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদ্‌যাপন কৰি অহা হৈছে ।

ৰঙিয়াত অভিৰুচি ক্ৰীড়া দিৱসত মন্ত্ৰী ভৱেশ কলিতা

মন্ত্ৰীগৰাকীয়ে আজিৰ এই পবিত্ৰ দিনটোত অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ কৃতজ্ঞতা জ্ঞাপন কৰে । ক্ৰীড়া ক্ষেত্ৰৰ জৰিয়তে নৱপ্ৰজন্মক আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে ক্ৰীড়াৰ জৰিয়তে শাৰীৰিক, মানসিক আদি ক্ষেত্ৰত উন্নতি হয় বুলি কয় ।

মন্ত্ৰীগৰাকীয়ে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ক্ষেত্ৰত ক্ষোভ ব্যক্ত কৰি কয় যে ৰঙিয়া জিলা ক্ৰীড়া ক্ষেত্ৰখনক অধিক উন্নত কৰিব লাগিব । যিহেতু ৰঙিয়াৰ ক্ৰীড়া ক্ষেত্ৰত বহু প্ৰতিভাৱান খেলুৱৈ আছে ।

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ গুৰুত্বহীনতাৰ বাবে খেলুৱৈসকলে আগবাঢ়িব পৰা নাই । এই ক্ষেত্ৰত ৰঙিয়া ক্ৰীড়া ক্ষেত্ৰখনক উন্নত কৰাৰ ক্ষেত্ৰত তেখেতে উদ্যাগ ল'ব বুলি কয় ৷

ৰঙিয়াত অভিৰুচি ক্ৰীড়া দিৱসত মন্ত্ৰী ভৱেশ কলিতা

ৰঙিয়া ক্ৰীড়া ক্ষেত্ৰখনত নতুন উদ্যম অনাৰ বাবে ৰঙিয়াত ৰাজ্যিক পৰ্যায়ৰ ফুটবল খেল অনুষ্ঠিত কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । সামূহিক দৌৰত অংশগ্ৰহণ কৰে মহকুমা আৰক্ষী বিষয়া চুমিত শৰ্মা আৰু ক্ৰীড়া সঞ্চালক ডঃ সুভাষ বসুমতাৰীয়ে ৷

কৃতী  খেলুৱৈক সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক ডঃ সুভাষ বসুমতাৰীয়ে কয় যে অসমত ক্ৰীড়াৰ প্ৰতি মানুহৰ সচেনতা বৃদ্ধিত অলপ হ'লেও ভূমিকা আদায় কৰিব পৰা হৈছে ।

ৰঙিয়াত অভিৰুচি ক্ৰীড়া দিৱসত মন্ত্ৰী ভৱেশ কলিতা

সংগঠকসকলে খেলুৱৈ বা ক্ৰীড়াৰ ক্ষেত্ৰত গুৰুত্ব দিলে আমাৰ খেলুৱৈসকল অধিক উপকৃত হ'ব । হিমা দাসে যেনেকৈ খেলৰ জৰিয়তে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিলে, আমাৰ উঠি অহা প্ৰজন্মই চেষ্টা আৰু সাধনাৰ জৰিয়তে নিজৰ নাম জিলিকাব লাগিব । 

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম কাবাডী সন্থাৰ সম্পাদক আবেদুৰ ৰহমানেও খেল সম্পৰ্কত বক্তব্য প্ৰদান কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে খেলুৱৈসকলক হিমা দাসৰ আদৰ্শেৰে অনুপ্ৰাণিত হোৱাৰ বাবে আহ্বান জনায় ।

ৰঙিয়াত অভিৰুচি ক্ৰীড়া দিৱসত মন্ত্ৰী ভৱেশ কলিতা

এজন খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদ বুলি তেওঁ অভিহিত কৰে । অৰ্জুন ভোগেশ্বৰ বৰুৱাই যেনেকৈ নিজৰ চেষ্টা, সাধনা, সংগ্ৰামৰ জৰিয়তে বঁটা আনিবলৈ সক্ষম হৈছে তেনেকৈ আমাৰ যুৱ-প্ৰজন্মইও গৌৰৱ কঢ়িয়াই আনিব পাৰিব লাগিব ।

অনুষ্ঠানটোত ভালেসংখ্যক ৰাজ্যিক খেলুৱৈ উপস্থিত থকাৰ লগতে খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয় । আনহাতে, মধ্য ৰঙিয়া ছাত্ৰ সন্থাইও অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।

Your Comments