নিউজ ডেস্ক :
কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ আইনী যুঁজলৈ সাহায্য আগবঢ়াইছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনে।
৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে গগৈৰআইনী যুঁজলৈ।উল্লেখ্য যে শিল্পী জুবিন গাৰ্গৰ উদ্যোগত গঠিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনে ইতিমধ্যে কৃষক নেতা গৰাকীৰ আইনী পুঁজিলৈ আগবঢ়াইছে এই টকা।
বিগত ৯ মাহ ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতা গৰাকী।কা' আন্দোলন কৰাৰ বাবে যোৱা বছৰ ডিচেম্বৰতে গ্ৰেপ্তাৰ হৈছিল গগৈ।
গগৈৰ মুক্তিৰ বাবে গুৱাহাটী উচ্চতম ন্যায়ালত আৱেদন জনোৱাৰ প্ৰস্তুতি চলাই আছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে আৰু ইয়াৰ বাবেই অসমবাসীৰ ওচৰত আইনী সাহায্য বিচাৰিছিল সংগঠনটোৱে।অসমবাসীয়ে সংগঠনটোৰ আহ্বানলৈ সঁহাৰি জনাই বিগত দুটা সপ্তাহতে প্ৰায় ২২ লাখ টকা আগবঢ়াইছে।
- Log in to post comments
- 64 views