*আঁচনিৰ সুবিধা ল'বলৈ কোনো প্ৰমাণপত্ৰ নালাগে- মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা*
ৰাজ্যত ২ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব অসম চৰকাৰৰ অৰুণোদয় আঁচনি।১৭ লাখ হিতাধিকাৰীক প্ৰথম পৰ্যায়ত সাঙুৰি ল'ব এই আঁচনিয়ে।বিধানসভাৰ শীতকালীন অধিৱেশনত 'অৰুণোদয় আঁচনি'ৰ হিতাধিকাৰী কিদৰে নিৰ্বাচিত হ'ব,লগতে কোনসমূহ পৰিয়ালক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব,সেই ঘোষণা কৰিলে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
বিধানসভাত মন্ত্ৰীগৰাকীয়ে কয় যে হিতাধিকাৰী নিৰ্বাচনৰ বহুত বেছি প্ৰক্ৰিয়া নাই।আঁচনিৰ বাবে সুবিধা ল'বলৈ কোনো প্ৰমাণপত্ৰ নালাগে।গাওঁবুঢ়া-মৌজাদাৰৰ কোনো সম্পৰ্ক নাথাকিব আঁচনিত।আবেদনকাৰীসকলে আবেদন ফৰ্মত দিয়া তথ্যসমূহ শুদ্ধ বুলি নিজৰ স্বাক্ষৰেৰে দিলেই হ'ব।
অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে প্ৰথম অগ্ৰাধিকাৰ লাভ কৰিব বিধবা পেঞ্চন লাভ কৰা ৰাজ্যৰ প্ৰতিটো পৰিয়ালে।অৰ্থাৎ বিধৱা মহিলাসকল প্ৰথমগৰাকী হিতাধিকাৰী হ'ব।
পৰিয়ালত অবিবাহিত ছোৱালী যদি আছে, সেই পৰিয়ালসমূহে দ্বিতীয় অগ্ৰাধিকাৰ লাভ কৰিব।
একেদৰে দিব্যাংগ সন্তান বা ব্যক্তি থকাৰ পৰিয়াল তৃতীয় অগ্ৰাধিকাৰ হ'ব আঁচনিৰ।
কোনো কাৰণত স্বামীৰ পৰিয়াল ত্যাগ কৰি যদি কোনো মহিলাই মাতৃগৃহত আশ্ৰয় লৈ আছে বা সহোদৰ ভাতৃ-ভগ্নীৰ গৃহত আশ্ৰয় লৈ আছে,সেইসমূহ পৰিয়ালে লাভ কৰিব চতুৰ্থ অগ্ৰাধিকাৰ।
বিনামূলীয়া চাউলৰ কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালসমূহ হ'ব আঁচনিৰ পঞ্চম হিতাধিকাৰী।
বিনামূলীয়া চাউল লাভ কৰি থকা দৰিদ্ৰ পৰিয়ালসমূহ হ'ব আঁচনিৰ অন্তিমজন হিতাধিকাৰী।এনেদৰে ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ যে চৰকাৰী দৰমহা-পেঞ্চন লাভ কৰা পৰিয়ালসমূহে লাভ নকৰিব আঁচনিৰ সুবিধা।একেদৰে ১৫ বিঘা মাটি, চাৰিচকীয়া বাহন, ফ্ৰীজ, ২ লাখ টকা বছৰেকীয়া আয়, টেক্টৰ থকা পৰিয়ালসমূহ আঁচনিৰ হিতাধিকাৰী নহ'ব বুলি সদনত ঘোষণা কৰে মন্ত্ৰী শৰ্মাই।
গুৰুত্বপূৰ্ণ যে জিলা সমিতিয়ে হিতাধিকাৰী নিৰ্বাচন কৰাৰ পিছত ১৫ পৰা ৩০ ছেপ্টেম্বৰলৈকে অৰুণোদয় সহায়কসকলে হিতাধিকাৰীৰ ঘৰে-ঘৰে গৈ তথ্যসমূহ পৰীক্ষা কৰিব।ভুল তথ্য যোগান ধৰি কোনো হিতাধিকাৰীয়ে যদি আঁচনিৰ সুবিধা লাভ কৰাৰ কথা ধৰা পৰিলে আইনগত ব্যৱস্থা ল'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
হিতাধিকাৰীৰ পৰিয়ালে নিৰ্বাচন কৰি দিয়া মহিলাৰ একাউণ্টত অহা ২ নৱেম্বৰত জমা হ'ব প্ৰথম কিষ্টি।৮৩০ টকালৈ লাভ কৰিব আঁচনি ধন।১৫ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন সম্পূৰ্ণ হ'ব হিতাধিকাৰীৰ।১৫-৩০ ছেপ্টেম্বৰৰ ভিতৰত হিতাধিকাৰীক প্র-পত্ৰ বিতৰণ কৰিব অৰুণোদয় সহায়কসকলে।
বিহু, পূজা, বানপানী, ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি আদি বিভিন্ন সময়ত এহাজাৰ টকা অতিৰিক্ত লাভ কৰিব হিতাধিকাৰীসকলে।
ইফালে,ভোটাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি সমষ্টিত হিতাধিকাৰীৰ সংখ্যা নিৰ্ধাৰণ হ'ব।ডেৰ লাখ ভোটাৰ থকা সমষ্টিত ১৫ হাজাৰ, ডেৰৰ পৰা দুই লাখ ভোটাৰ থকাত ১৬ হাজাৰ, দুইৰ পৰা আঢ়ৈ লাখ ভোটাৰ থকাত ১৭ হাজাৰ, আঢ়ৈৰ পৰা তিনি লাখ ভোটাৰত ১৮ হাজাৰ আৰু তিনি লাখৰ অধিক ভোটাৰ থকাত ১৯ হাজাৰ হিতাধিকাৰীয়ে লাভ কৰিব আঁচনিৰ সুবিধা।
- Log in to post comments
- 1314 views