স্বাধীনতা দিৱসৰ দিনটোত গুৱাহাটীত যান-বাহন চলাচলৰ নিয়মসমূহ জানি লওক

Pic

*ন' পাকিং অঞ্চলসমূহ জানি লওঁক অন্যথা পৰিব পাৰে বিপদত*

দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস ৰাজ্য চৰকাৰে গুৱাহাটীৰ জজ খেল পথাৰত শনিবাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব।সুদীৰ্ঘ ১২ বছৰৰ মূৰত ঐতিহাসিক জজ খেল পথাৰত উদযাপন কৰিব লগা স্বাধীনতা দিৱসৰ বাবে শনিবাৰে গুৱাহাটীত যান-বাহন চলাচল কৰাত প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা।যান-বাহন শাখাৰ ডিচিপি ময়ংক কুমাৰ ঝায়ে সংবাদমেলৰ জৰিয়তে যান-বাহন চলাচলৰ নিয়মসমূহ জনতাৰ বাবে জাৰি কৰিছে।

স্বাধীনতা দিৱসৰ উদযাপনস্থলী লৈ যাব লগা বাহনৰ বাবে ৰঙা, নীলা আৰু হালধীয়া প্ৰৱেশপত্ৰৰ ব্যৱস্থা কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে যান-বাহন শাখাৰ মুৰব্বীগৰাকীয়ে।

Pic

মহাত্মা গান্ধী পথত বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব।জালুকবাৰী দিশৰ পৰা অহা বাহন ভৰলুৰ এপ'ল' পইন্টৰ পৰা এ টি ৰোড হৈ পাৰ হ'ব।একেদৰে চানমাৰিৰ দিশৰ পৰা যোৱা বাহনসমূহ জিলা পুথিভঁৰাল হৈ পাণবজাৰ উৰণীয়া সেতু হৈ এটি ৰোড হৈ চলাচল কৰিব।

আনহাতে,জালুকবাৰীৰ দিশৰ পৰা উজানবজাৰ,চানমাৰি অথবা জি এছ ৰোড হৈ যাবলৈ বিচৰা ব্যক্তিগত বাহনসমূহ চেৰাগেট পইন্টৰ পৰা কটন কলেজিয়েট পথ হৈ এইচ বি পথত ওলাব।তাৰ পিচত এইচ বি পথ হৈ কমিচনাৰ পইন্ট,এ আৰ বি পথেৰে জি এন বি পথৰ কালী মন্দিৰ পইন্টত ওলাব।তাৰ পৰা বাওঁ দিশে গতি কৰি আৰ বি আই পইন্ট আৰু এটি ৰোডলৈ গন্তব্য স্থানলৈ যাব পাৰিব।

চানমাৰিৰ দিশৰ পৰা যোৱা বাহনসমুহ জিলা পুথিভঁৰাল পইন্ট হৈ জিএনবি পথেৰে গৈ এম এল এন পথেৰে হৈ ভৰলুমুখ পানী যোগান পইন্টেৰে এমজি ৰোডত ওলাব।

একেদৰে,উজানবজাৰ-খাৰঘূলিৰ দিশৰ পৰা ভৰলুমুখ দিশে যাব লগা বাহনসমুহ প্লে'নেটেৰিয়াম পইন্টেৰে লেম্ব ৰোড হৈ জিএনবি পথত উঠিব আৰু তাৰ পৰা ভৰলুমুখ দিশৰ নিৰ্দেশনাত গতি কৰিব লাগিব।

জজ খেলপথাৰৰ আশে-পাশে ন' পাৰ্কিং অঞ্চলসমূহ সংবাদমেলত জানিবলৈ দিয়ে ডিচিপি গৰাকীয়ে।সেই অনুসৰি জজ খেলপথাৰৰ পূব দিশে কেএলবি পথৰ এনচিবি হলৰ পৰা চীফ জাষ্টিচ পইন্টলৈ।
উত্তৰ দিশে এম জি ৰোড,চীফ জাষ্টিচ পইন্ট, ফুড ভিলালৈ।নদীৰ দিশে ডিচি কোৰ্ট পইন্টৰ পৰা চীফ জাষ্টিচ পইন্টলৈ।এম জি পথৰ চীফ জাষ্টিচ পইন্টৰ পৰা প্লেনেটেৰিয়াম পইন্টলৈ।এইচ বি পথৰ কমিচনাৰ পইন্টৰ পৰা এন চি বি হ'ল পইন্টলৈ ন' পাৰ্কিং জন হিচাপে থাকিব বিশেষ দিনটোত।

জনতাৰ সুবিধাৰ বাবে পুৱাৰে পৰা আৰক্ষী উপস্থিত থাকিব বিশেষ স্থানসমূহত।

পুলিচ ৰিজাৰ্ভত সম্বোধন কৰা সংবাদমেলত যান-বাহন শাখাৰ আয়ুক্ত গৰাকীয়ে কয়- "স্বাধীনতা দিৱসৰ বাবে শনিবাৰে যান-বাহন চলাচলৰ অনুমতি দিয়া হৈছে।"

Your Comments