আন্তঃৰাষ্ট্ৰীয় বক্সাৰ,অসম কন্যা লাভলীনা বৰগোঁহাই ব্যস্ত কৃষিকৰ্মত

Lovelina

ক'ৰ'না আতংকৰ বাবে বন্ধ হৈ আছে বিশ্বৰ  ক্ৰীড়াক্ষেত্ৰ।ক'ৰ'না ভাইৰাছৰ বাবে খেলুৱৈসকল আৱদ্ধ হৈ থাকিব লগা হৈছে নিজৰ ঘৰখনত।অন্য সময়ত খেল আৰু অনুশীলনত ব্যস্ত থকা খেলুৱৈসকলে সময় অতিবাহিত কৰিছে পৰিয়ালৰ সৈতে।

গোলাঘাটৰ জীয়াৰী তথা অসম কন্যা আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোঁহাইয়ো খেল এৰি এতিয়া ব্যস্ত কৃষিত।পিতৃক পথাৰলৈ গৈ ভূঁই ৰোৱা কাৰ্যত সহায় কৰিছে বক্সাৰগৰাকীয়ে।লাভলীনাই পথাৰত হৈ ভূঁই ৰোৱা ফটো ইতিমধ্যে ভাইৰেল হৈছে    সামাজিক মাধ্যমত ।

ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই কৃষিকৰ্মত জড়িত থকা লাভলীনাৰ ফটোখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি উল্লেখ কৰিছে এইদৰে- "পুৰুষ সমানেই খোজ দিবলৈ সক্ষম হৈছে আজিৰ নাৰীশক্তিয়ে।খেতিপথাৰৰ পৰা আৰম্ভ হ'ব লাগে নাৰী সৱলীকৰণৰ নীৰৱ যাত্ৰা।"

"লাভলীনা প্ৰতিগৰাকী নাৰী তথা যুৱ প্ৰজন্মৰ বাবে আদৰ্শ"-মন্ত্ৰী বৰাই উল্লেখ কৰিছে।

Your Comments