"আইটি চেল গঠনে অগপক শক্তিশালী কৰিবলৈ নোৱাৰে"-প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

#PrafullaMahanta

ক'ৰ'না ভাইৰাছ  সংক্ৰমণৰ মাজতে '২১ৰ নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে অসম গণ পৰিষদে।নিৰ্বাচনী প্ৰচাৰৰ বাবে দলটোৱে গঠন কৰিব আইটি চেল।সভাপতি অতুল বৰা নেতৃত্বত অনুষ্ঠিত এক বৈঠকত বুধবাৰে ঘোষণা কৰা হয় এই কথা।

ৰাজ্য মুঠ ৮৫ টা সমষ্টিত দলটোৱে গঠন কৰিব আইটি চেল।উল্লেখ যে দলটোৱে আইটি চেল গঠনৰ বাবে নিৰ্বাচিত কৰা ৮৫টা সমষ্টি বিভিন্ন সময়ত অগপ দলে দখল কৰা সমষ্টি।

Jj

গুৰুত্বপূৰ্ণ যে আইটি চেল গঠন কৰিব লগা প্ৰতিটো সমষ্টিত দায়িত্ব দিয়া হৈছে বৰ্তমান বা পূৰ্বে   সংশ্লিষ্ট  সমষ্টি দখল কৰা  বিধায়কসকলক।কিন্তু তাৎপৰ্যপূর্ণভাৱে দলটোৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বঢ়মপুৰ সমষ্টিত আইটি চেল গঠন কৰা নেতৃত্ব দায়িত্ব দিয়া নাই।একেদৰে পাটাচাৰৰকুছি বিধায়ক পবিন্দ্ৰ ডেকাক দিয়া হোৱা নাই নিজ সমষ্টিৰ দায়িত্ব।বিধায়ক উৎপল দত্ত আৰু বৃন্দাবন গোস্বামীকো আইটি চেলৰ নেতৃত্ব দিয়া হোৱা নাই।দলৰ নেতৃত্বৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই।তেওঁ কয়-"আঞ্চলিকতাবাদৰ ধ্বংসৰ আখৰা চলিছে। ক্ষমতাৰ স্বাৰ্থত হাত উজান দিছে দলৰ নেতৃত্বই।"

Ll

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-"আইটি চেলে মানুহক দলগতভাৱে শক্তিশালী কৰিব নোৱাৰে।প্ৰতিটো খবৰ জনসাধাৰণৰ ওচৰ চপাই আঞ্চলিকতাবাদৰ গুৰুত্ব জনসাধাৰণৰ মাজত অধিক শক্তিশালী কৰিব লাগিব।"

উল্লেখ যে কা' বিৰোধী স্থিতিত দলৰ নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন সময়ত আন্দোলন কৰিছে এই চাৰিজন নেতাই।

Your Comments