লকডাউনৰ বাবে দুটা মাহ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠান।চতুৰ্থ পৰ্যায়ৰ লকডাউনত শিথিলতা আছে যদিও শিক্ষানুষ্ঠান মুকলি কৰাক লৈ নাই কোনো নিৰ্দেশনা।
ইফালে,ছাত্ৰ-ছাত্ৰীসকলে যাতে শিক্ষাবর্ষ হেৰুৱাব লগা নহয়,তাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে জুলাইত গ্ৰীষ্ম বন্ধৰ পৰিৱৰ্তে মে' মাহত গ্ৰীষ্ম বন্ধ ঘোষণা কৰিছে।
ইফালে,পহিলা জুনৰ পৰা শিক্ষাদান আৰম্ভ কৰিব পৰা যাব নাই তাক লৈ এতিয়াও অনিশ্চিয়তা।তাৰ মাজতে ৰাজ্য স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কৰিছে এটা গুৰুত্বপূৰ্ণ মন্তব্য।মন্ত্ৰীগৰাকীয়ে কয়-"গ্ৰীষ্ম বন্ধৰ পিছত বিশেষকৈ দশম আৰু দ্বাদশ শ্রেণী মুকলি কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।সামাজিক দূৰত্ব মানি চলি উক্ত দুটা শ্রেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ক্লাছ আৰম্ভ কৰিব পৰা যায় নেকি তাৰ বাবে চিন্তা কৰা হৈছে।"
- Log in to post comments
- 124 views
