অসমৰ সমৰকলা ক্ষেত্ৰখনৰ এটি পৰিচিত নাম হৃদয়ানন্দ দাস ৷ ইতিমধ্যেই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনেক প্ৰতিযোগিতাত তেওঁ কেৱল খেলুৱৈ হিচাপেই নহয়, দেশীয় দলৰ প্ৰশিক্ষক, দল পৰিচালক, বিচাৰক হিচাপেও আংশগ্ৰহণেৰে অনেক পদক আৰু সুনাম কঢ়িয়াই আনিছে ৷
বৰ্তমান 'নৰ্থ-ইষ্ট ডাইৰেক্টৰ অব্ চ'ই কোৱাং ডো ইণ্ডিয়া'ৰ সভাপতি আৰু 'শ্ব'ট'কান কাৰাটে ডো ইণ্ডিয়া'ৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দাসে 'আছাম চ'ই কোৱাং ডো'ৰ সাধাৰণ সম্পাদক হিচাপেও দায়িত্ব পালন কৰি আছে ৷
কেইবাখনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মিলনত সমৰকলাৰ খ্যাতনামা ব্যক্তিসকলৰ সৈতে সন্মানীয়ভাৱে অংশগ্ৰহণ কৰি অহা হৃদয়ানন্দ দাসৰ সমৰকলাৰ প্ৰশিক্ষণ কেন্দ্ৰ "চেম্পিয়নছ মেকাৰ একাডেমী"য়েও খ্যাতি অক্ষুণ্ণ ৰখাত সক্ষম হৈছে আৰু তেওঁৰ অধীনত প্ৰশিক্ষিত ছাত্ৰ-ছাত্ৰীৰ সফলতাই এই কথা প্ৰমাণ কৰি আহিছে ৷
উল্লেখ্য যে সমৰকলাৰ এই প্ৰশিক্ষণ কেন্দ্ৰই ৰাজ্যখনৰ একাধিক জিলাত ইয়াৰ শাখা খুলি সমৰকলাক জনপ্ৰিয় কৰাৰ লগতে অনেক সুপ্ত প্ৰতিভাৰ প্ৰকাশ আৰু বিকাশেৰে ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰ আৰু মহিলাৰ আত্মৰক্ষাৰ ক্ষেত্ৰতো সচেতনতা জগাবলৈ প্ৰয়াস কৰি আহিছে আৰু এই ক্ষেত্ৰত ৰাইজৰো সঁহাৰি লাভ কৰিছে ৷
শেহতীয়াকৈ মালয়েছিয়াৰ 'ইণ্টাৰনেচনেল অ'কিনাৱান গজু-ৰিউ কাৰাটে ডো ফেডাৰেচন'ৰ দ্বাৰা আয়োজিত 'ইণ্টাৰনেচনেল ডো চেম্পিয়নশ্বিপ ২০১৮ এট মালয়েছিয়া'ত হৃদয়ানন্দ দাস আৰু তেওঁৰ দুই ছাত্ৰ মিলনজ্যোতি বৰদলৈ আৰু চনম লামা অংশগ্ৰহণৰ বাবে সাজু হৈছে ৷
গুৱাহাটীৰ পৰা মালয়েছিয়ালৈ অহা ৩০ আগষ্টৰ পৰা আৰম্ভ হ’বলগা তেওঁলোকৰ এই যাত্ৰাই আনবাৰৰ দৰে এইবাৰো ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ আশা কৰিব পাৰি ৷
- Log in to post comments
- 52 views