গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১আৰু ৫নং হোষ্টেল ছীল

Gmch

নিউজ ডেস্ক:
গুৱাহাটী মেডিকেল কলেজৰ ৫নং হোষ্টেল আৰু ১নং হোষ্টেলক কনটেইনমেণ্ট জন ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।মেডিকেল কলেজখনৰ স্নাতকোত্তৰ বর্ষৰ ছাত্ৰ ডাঃ লিথিকেশ দত্ত কভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছতেই এই ঘোষণা কৰা হয়। আক্রান্ত লিথিকেশৰ ঘৰ আছিল কৰ্ণাটকত।কোভিড-১৯ পৰীক্ষাৰ কামত জড়িত আছিল চিকিৎসক ছাত্ৰজন।যিসকল চিকিৎসক-নাৰ্চ আক্ৰান্ত চিকিৎসকজনৰ সংস্পৰ্শলৈ আহিছিল সেই সকলোকে পৰীক্ষা কৰিব বুলি জানিব পৰা গৈছে।

ইফালে নতুন ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে মেডিকেলখন।স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ তদাৰক কৰিছে সকলো।

মেডিকেল কলেজখনৰ ৫নং হোষ্টেলত আছিল চিকিৎসক ছাত্ৰজন।যিহেতু ১নং হোষ্টেলৰ কাষতেই ৫নং হোষ্টেলসেয়ে দুয়োখন হোষ্টেলকে বন্ধ কৰি দিয়া হৈছে।

Your Comments