জিলা প্ৰশাসনৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই অপদস্থ কৰিলে জ্যেষ্ঠ সাংবাদিক অনন্ত স্মিথক ৷ এই ঘটনাকলৈয়ে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট বহে শিৱসাগৰৰ সাংবাদিক তথা দল-সংগঠনে ৷ সমান্তৰালভাৱে চলে প্ৰতিবাদী সভাও ৷ সভাত জিলা প্ৰশাসনৰ বা-বাতৰি বৰ্জনৰ সিদ্ধান্তৰ লগতে ২৯ আগষ্টৰ পৰা এসপ্তাহ ক'লা বেজ পৰিধান কৰি জিলা উপায়ুক্তৰ অভব্য আচৰণৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব, উজনি অসম আয়ুক্তৰ লগতে ৰাজ্যৰ জনসংযোগ বিভাগৰ সঞ্চালকক উপায়ুক্তগৰাকীৰ দুষ্কাৰ্যৰ বিৰোদ্ধে লিখিত অভিযোগ দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় ৷
- Log in to post comments
- 16 views