ৰঙিয়া ৰে’ল ষ্টেচন বৰ্তমান অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে।ৰেল আৰক্ষীয়ে বিভিন্ন সময়ত গাঞ্জা,সুৰা আদিকে ধৰি বাহিৰলৈ বিক্ৰীৰ বাবে অনা বিভিন্ন সামগ্ৰী জব্দ কৰি আহিছে । আজি ৰঙিয়া ৰে’ল ষ্টেচনত আগৰতলাৰ চিমামুৰা অঞ্চলৰ পৰা বাংগালুৰলৈ নিবলৈ অনা ১০ কেঃজিঃ গাঞ্জা সহ চাবিয়া খাতুন নামৰ ৩৫ বছৰৰ উৰ্ধৰ মহিলা এগৰাকীক জি আৰ পি এফে কৰায়ত্ব কৰে ।
গাঞ্জাখিনিৰ মূল্য ২০ হাজাৰ টকা হ’ব বুলি জি আৰ পি এফে জানিবলৈ দিয়ে । কৰায়ত্ব কৰা মহিলাগৰাকীয়ে গাঞ্জাখিনি আগৰতলাৰ পৰা বাংগালুৰলৈ নিয়াৰ বাবে ৰে’ললৈ অপেক্ষা কৰি আছিল । সেই সময়ত মহিলাগৰাকীৰ প্ৰতি জি আৰ পি এফৰ সন্দেহ হোৱাত মহিলা গৰাকীক সোধা-পোছা কৰাত সকলো কথা ওলাই পৰে । পিছত জি আৰ পি এফে গাঞ্জা সহ মহিলাগৰাকীক কৰায়ত্ব কৰে ।
- Log in to post comments
- 61 views