বিধায়িকা অজন্তা নেওগৰ উদ্যোগত ঐতিহাসিক আঠখেলীয়া নামঘৰত ছেনিটাইজেচন

Pic

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:

বৃহস্পতিবাৰে অসমৰ ভক্তপ্ৰাণ ৰাইজৰ  প্ৰাণস্বৰূপ গোলাঘাটৰ ঐতিহাসিক শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত কৰা হয়  ছেনিটাইজেচন।গোলাঘাটৰ বিধায়িকা অজন্তা নেওগৰ উদ্যোগত  গ্ৰহণ কৰা হয় এই পদক্ষেপ।চৌহদটো পৰিষ্কাৰ তথা বীজাণুমুক্ত কৰিবৰ বাবে গোলাঘাট কংগ্ৰেছৰ যুৱকৰ্মীসকলে ল'লে আগভাগ।উক্ত কাৰ্যসূচী সফল কৰিবলৈ নামঘৰ পৰিচালনা সমিতি আৰু পিএইচই বিভাগেও সহযোগ কৰে।এই কাৰ্যসূচীত বিধায়িকাগৰাকীয়ে ঘৰৰ চৌহদ আৰু ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৌহদসমূহো পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰি ৰাখিবলৈ,লগতে সকলোকে মাস্ক আৰু হেণ্ডগ্ল'ভছ পৰিধান কৰিবলৈ আহ্বান জনায়। তদুপৰি,এমপি এএলএ ফাণ্ডৰ  ৪৫ লাখ টকাৰে নিৰ্মিত ৰাজহুৱা ভৱনৰ কাম-কাজৰ বুজ লৈ নিৰ্মাণ সমিতিক আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

Your Comments