ক'ৰ'না বিৰোধী যুঁজলৈ ৪২ হাজাৰ ভেঞ্চাৰ শিক্ষক-কৰ্মচাৰীৰ ২১ লাখ টকা সাহায্য প্ৰদানৰ প্ৰস্তুতি

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

দেশৰ বিপদৰ সময়ত একত্ৰিতভাৱে থিয় দি ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত ৪২ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে অসম আৰোগ্য নিধিলৈ ২১ লাখ টকা আগবঢ়োৱাৰ বাবে প্ৰস্তুতি চলাইছে।সমগ্ৰ বিশ্বতে সৰ্বগ্ৰাসী ৰূপ লোৱা ক'ৰ'না মহামাৰীৰ সংকটৰ সময়ছোৱাত সৰ্বস্তৰৰ লোকে দুৰ্ভগীয়া ব্যক্তিসকলক সহায়ৰ হাত আগবঢ়োৱাৰ সময়ত ভেঞ্চাৰ শিক্ষক-কৰ্মচাৰীসকলেও আৰ্তজনক সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।বিগত এসপ্তাহে সামাজিক মাধ্যম Facebook, Whatsapp আদি যোগে হোৱা আলোচনাৰ অন্তত প্ৰতিজন শিক্ষক-কৰ্মচাৰী মানৱতাৰ এই যুদ্ধৰ অংশীদাৰ হ'ব পৰাকৈ ২০
লাখৰো অধিক ধন আগবঢ়োৱাৰ এক সূত্ৰ উদ্ভাৱন কৰিছে।সেই অনুসৰি ৩০ এপ্ৰিল,শুকুৰবাৰে ৰাজ্যৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত সৰ্বস্তৰৰ শিক্ষক-কৰ্মচাৰী সকলে গাইপতি ৫০ টকাকৈ সাহায্য 'অসম আৰোগ্য নিধিৰ পুঁজি'লৈ আগঢ়াব । ব্যক্তিগত পৰ্যায়ত এই ৫০ টকাৰ মূল্য নগন্য হ'লেও সামগ্ৰিকভাৱে ৪২ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ পৰা সংগ্ৰহ হ'ব ২১ লাখ টকা।ৰাজ্যৰ প্ৰাথমিক,মধ্য ইংৰাজী,উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক,কনিষ্ঠ মহাবিদ্যালয়,মহাবিদ্যালয় আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহত কৰ্মৰত সকলো স্তৰৰ শিক্ষক-কৰ্মচাৰীকে ৩০ এপ্ৰিল,শুক্ৰবাৰৰ দিনটোত ৫০ টকাকৈ আগবঢ়াই মানৱতাৰ যুঁজখনৰ অংশীদাৰ হ'বৰ বাবে আহ্বায়কসকলে অনুৰোধ জনাইছে।এই ধন বেংকৰ পৰা পোনপটীয়াকৈ দিয়াৰ উপৰি গুগল পে',ফোন পে',
পে'-টিমকে ধৰি বিভিন্ন ইউপিআই এপ,অনলাইন পেমেন্ট,ডেবিট কাৰ্ড,এটিএম আদিৰ জৰিয়তে আদায় দিব পাৰিব যদিও পৰাপক্ষত অনলাইন পেমেন্ট কৰাৰ পোষকতা কৰা হৈছে।সাহায্যৰ ধন অসম আৰোগ্য নিধিৰ এছ বি আই একাউন্ট নম্বৰ 32124810101(IFSC Code SBIN 0010755) যোগে আদায় দিব পাৰিব।নাম প্ৰকাশত অনিচ্ছুক কেইগৰাকীমান ভেঞ্চাৰ শিক্ষক আৰু তেওঁলোকৰ দুৰ্ভগীয়া পৰিয়ালৰ সন্তানে সামাজিক মাধ্যম যোগে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ ৪২ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে একত্ৰিতভাৱে এই বুজন পৰিমাণৰ ধন আগবঢ়াবৰ বাবে লোৱা প্ৰচেষ্টাক ৰঙালী বিহু আৰু ৰমজানৰ দান বুলি গণ্য কৰি সফল কৰি তুলিবলৈ আহ্বায়ক মণ্ডলীয়ে জনাইছে।ভেঞ্চাৰ          শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকল দুৰ্ভগীয়া হিচাপে চিহ্নিত,তথাপি   তেওঁলোকে গ্ৰহণ কৰা এই পদক্ষেপৰে সকলোৱে শলাগ লৈছে।

Your Comments