চাৰিমহীয়া কেঁচুৱা লৈ কাকীৰ পৰা ৰহাত উপস্থিত হীৰা দম্পত্তি

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

'লকডাউন'ৰ ফলত সম্পৰ্কীয়ৰ ঘৰত আলহী  খাবলৈ গৈ এমাহে আৱদ্ধ হৈ পৰা দম্পত্তীয়ে মঙলবাৰে চাইকেলেৰে কেঁচুৱাসহ উপস্থিত হয় নগাঁও জিলাত।প্ৰায় ৯০ কিলোমিটাৰ পথ অতিক্ৰম কৰি ৰহাত উপস্থিত হয় গুৱাহাটীৰ যোৰাবাটৰ দীপ হীৰা আৰু শকুন্তলা হীৰা।প্ৰাপ্ত তথ্য মতে হীৰা দম্পতিয়ে লকডাউনৰ কেইদিনমান পূৰ্বে হোজাই জিলাৰ ৩ নং কাকীৰ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ আহিছিল।কিন্তু লকডাউন আৰম্ভ হোৱাত কাকীতে তেওঁলোকক আৱদ্ধ হৈ পৰে।বিগত এমাহ ধৰি কাকীত আৱদ্ধ হৈ থকাৰ পিছতে চৰকাৰে আন্তঃজিলা যাতায়তৰ বাবে ১০৪ নম্বৰত যোগাযোগ কৰে যদিও বিফল হোৱাত এখন চাইকেলেৰেই ঘৰলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।পিছত কাকীৰ পৰা গুৱাহাটীৰ যোৰাবাটলৈ বুকুত চাৰিমহীয়া কেঁচুৱাটি বান্ধি লৈ যাত্ৰা আৰম্ভ কৰে।প্ৰায় ৯০ কিলোমিটাৰ পথ চাইকেলত আৰু মাজে মাজে খোজকাঢ়ি আহি মঙলবাৰে সন্ধিয়া হীৰা দম্পত্তী ৰহাত উপস্থিত হয়।

Pic

ৰহাৰ নতুন চাৰিআলিত জিলা প্ৰশাসনে স্থাপন কৰা স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থকা প্ৰশাসনৰ বিষয়া-চিকিৎসকে দম্পতীহালক দেখি সোধ-পোছ কৰাতহে সকলোখিনি পোহৰলৈ আহে। প্ৰশাসনৰ লোকে দম্পতীহালৰ স্বাস্থ্য পৰীক্ষা কৰি চাইকেলখন নিজৰ জিম্মাত ৰাখি এখন চৰকাৰী বাহনত তেওঁলোক তিনিওকে গন্তব্যস্থানলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে।

Your Comments