নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:
'লকডাউন' চলি থকাৰ সময়ত স্থবিৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য।লকডাউনৰ বাবে বন্ধ হৈ আছে চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠান।এই সময়ছোৱাত নগাঁও জিলাত এখন সত্ৰত এটা ব্যতিক্ৰমী দৃশ্য পৰিলক্ষিত হৈছে।সত্ৰখন হৈছে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কুঁজি সত্ৰ।১৬৫০ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি বোৱাৰী আই কনকলতাই স্থাপন কৰা সত্ৰখনত লকডাউনৰ সময়ছোৱাত সত্ৰৰ বৰবায়ন মণিৰাম কাকতিৰ তত্বাৱধানত চলিছে শংকৰদেৱৰ অপূৰ্ব সৃষ্টি খোলবাদ্যৰ চৰ্চা।আশীৰ উৰ্দ্ধৰ বৰবায়ন তথা কুঁজি সত্ৰৰ একনিষ্ঠ ভকত মণিৰাম কাকতিয়ে সত্ৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত সত্ৰৰ চোতালত এই খোল বাদনৰ শিক্ষা প্ৰদান কৰিছে এদল নৱপ্ৰজন্মক।গুৰুজনাৰ স্মৃতি বিজড়িত কুঁজি সত্ৰৰ বেচৰকাৰী খণ্ডত নিয়োজিত যুৱক,বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকলে লকডাউনৰ সময়ছোৱাত
সময়ৰ অপব্যৱহাৰ নকৰি ব্যস্ত হৈ পৰিছে এই খোল বাদ্যৰ চৰ্চাত।কুঁজি সত্ৰৰ নৱপ্ৰজন্মই এনেদৰে নিজৰ কৃষ্টি-সংস্কৃতিৰ চৰ্চাত নিমগ্ন হোৱা দৃশ্য সঁচাকৈ অনুকৰণীয়।উল্লেখ্য যে লকডাউনৰ সময়ত গাঁৱৰ যুৱকসকলক তিনিটা ভাগ কৰি চৰকাৰী নিৰ্দেশ অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখি নৱপ্ৰজন্মৰ দলটোক এই খোল বাদ্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।বহু আপুৰুগীয়া সম্পদৰে ভৰপূৰ কুঁজি সত্ৰত খোল বাদ্যৰ চাপৰত মুখৰিত হৈ পৰিছে আকাশ-বতাহ।ই হৈ পৰিছে ব্যতিক্ৰমী আৰু অনুকৰণীয় দৃশ্য।
- Log in to post comments
- 25 views