ইতিহাস ৰচি সিন্ধুৰ ৰূপৰ পদক

asina_games

এছিয়ান গেমছৰ বেডমিণ্টনত ভাৰতৰ হৈ ইতিহাস ৰচিছে পি ভি সিন্ধুৱে ৷ মহিলাৰ ছিংগলছৰ ফাইনেলত তাৰকা শ্বাটলাৰ গৰাকীয়ে আজি জয় কৰে ৰূপৰ পদক ৷ চূড়ান্ত খেলখনত ভাৰতীয় খেলুৱৈগৰাকী বিশ্বৰ ১নং স্থানত থকা টাই জুয়িঙৰ হাতত ২১-১৩, ২১-১৬ ছেটত পৰাস্ত হয় ৷ সোণৰ পদক জয় কৰিব নোৱাৰিলেও এক বিৰল কৃতিত্বৰ গৰাকী হ’ল পি ভি সিন্ধু ৷ কাৰণ হায়দৰাবাদৰ ২৩ বছৰীয়া শ্বাটলাৰগৰাকীয়েই হ’ল এছিয়ান গেমছৰ ইতিহাসত বেডমিণ্টনৰ ছিংগলছত ফাইনেল খেলা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ ৷
 

Your Comments