নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:
'লকডাউন'ৰ বাবে সম্প্ৰতি বহুসংখ্যক লোক ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে।বিশেষকৈ দৰিদ্ৰ পৰিয়ালসমূহে কৰিব লগা হৈছে কঠোৰ সংগ্ৰাম।আনকি নিজৰ পেঞ্চনৰ ধনকেইটা উলিওৱাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে একাংশ লোক।তেনে এক দৃশ্য সোমবাৰে দেখা গ'ল নগাঁও জিলাত।জিলাখনৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ শিলপুখুৰীত এনে দৃশ্য পৰিলক্ষিত হৈছে।শিলপুখুৰীত নিজৰ বৃদ্ধ পেঞ্চন আনিবলৈ শতায়ু গৰকা এগৰাকী বৃদ্ধাক ঠেলাত লৈ আহিব লগা হ'ল।
স্মৰ্তব্য যে লকডাউনৰ বাবে চৰকাৰে আগবঢ়োৱা সাহায্যৰ ধন উলিয়াবলৈ বেংকত লানি নিচিগা ভিৰ পৰিলক্ষিত হৈছে । এনে সময়তে এগৰাকী শতায়ু গৰকা বৃদ্ধাক নিজৰ পেঞ্চনৰ ধনকেইটা উলিয়াবলৈ ঠেলাত লৈ অহা কাৰ্যই সকলোৰে মাজত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।বৃদ্ধাগৰাকীক শিলপুখুৰীৰ পৰা জাজৰিৰ বেংকলৈ ঠেলাত লৈ যোৱা হৈছিল । লকডাউনৰ বাবে যান-বাহনৰ চলাচল বন্ধ থকাৰ বাবেই পেঞ্চনাৰসকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে।
- Log in to post comments
- 19 views