'চিআইটিইউ'ৰ উদ্যোগ:বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ মাজত হেণ্ড ছেনিটাইজাৰ,মাস্ক বিতৰণ 

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলা চিআইটিইউৰ তৰফৰ পৰা 'লকডাউন'ৰ মাজতো নিজৰ কৰ্তব্য পালন কৰি যোৱা বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ মাজত দেওবাৰে হেণ্ড ছেনিটাইজাৰ,মাস্ক আৰু অআৰএচ বিতৰণ কৰে।এই সন্দৰ্ভত 'চিআইটিইউ'ৰ জিলা সভাপতি হৰেশ্বৰ দাসে কয় যে কোভিড- ১৯ ৰোগৰ ভয়াৱহতাই আজি ৰাজ্য ,দেশ তথা সমগ্ৰ বিশ্বৰ মানৱ সমাজক শংকিত কৰি তুলিছে ৷ এনে অৱস্থাত চৰকাৰে এই ৰোগ প্ৰতিৰোধৰ বাবে লকডাউন ঘোষণা কৰিছে ৷ এই সময়চোৱাত আমি চিআইটিইউৰ তৰফৰ পৰা সমগ্ৰ দেশজুৰি অসংগঠিত শ্ৰমিকসকলৰ মাজত সাধ্য অনুসৰি কিছু খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছো।কিন্তু আমি দেখিছো যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাংবাদিকসকলেও দিনে-নিশাই কষ্ট কৰি আছে।এই ক্ষেত্ৰত তেওঁলোকৰ প্ৰতি আমাৰ সহানুভূতি জনোৱাৰ কোনো ভাষা নাই ৷ আৰক্ষী প্ৰশাসনেও কষ্ট কৰি আছে ৷ সেয়ে আমি তেওঁলোকৰ প্ৰতি নথৈ কৃতজ্ঞ ৷ কিন্তু মানৱ সেৱাৰ স্বাৰ্থত তেওঁলোকে যেনেদৰে আগবাঢ়ি আহিছে এই ক্ষেত্ৰত আমাৰো এটা দায়িত্ব আছে।যাৰ বাবে আমি বৰ্তমান সময়ত অতিকৈ প্ৰয়োজনীয় হিচাপে বিবেচিত হোৱা হেণ্ড ছেনিটাইজাৰ আৰু মাস্কৰ লগতে অআৰএচ দিবলৈ যত্ন কৰিছোঁ।তেওঁলোকৰ প্ৰতি এটা দায়িত্ব আছে,তাৰ বাবে সামান্য এইখিনি আগবঢ়াইছো ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও //20
9435243911

Your Comments