হাজোৰ পৰা কমলাকান্ত দাস:
মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ বিষয়া-কৰ্মচাৰীক 'লকডাউন'ৰ সংকটপূৰ্ণ মুহূৰ্তত আৰ্তজনৰ কাষত থিয় দিবলৈ যি আহ্বান জনাইছিল,এই আহ্বানৰ প্ৰতি বিষয়া-কৰ্মচাৰীসকলে অভূতপূৰ্ব সহাৰি জনোৱা পৰিলক্ষিত হৈছে। আঞ্চলিক বন বিষয়া পংকজ কলিতাই নিজৰ জন্মভূমিৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰি তিনিদিন ধৰি হাজোৰ ভিন্ন স্থানত দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰি আহিছে অত্যাৱশ্যকীয় খাদ্য -সামগ্ৰী।তেওঁ পাঁচ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল,দাইল,আলু,মিঠাতেল,পিয়াঁজ, চিৰা,চেনী,বিস্কুট,চাবোন,ছেনিটাইজাৰ আদি বিতৰণ কৰি ক'ৰ'না ভাইৰাছৰ বাবে চলি থকা লকডাউন মানি চলিবলৈ সকলোকে আহ্বান জনাইছে।বিষয়াগৰাকীৰ এনে মহানুভৱতাক হাজোবাসীয়ে আদৰণি জনাইছে।আনহাতে, ক'ৰ'না ভাইৰাছৰ বাবে দেশত চলি থকা দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত যিহেতু হাজোৰ মঠ-মন্দিৰসমূহ বন্ধ হৈ আছে, সেয়েহে ভক্ত তথা মন্দিৰ পৰিচালনা সমিতিয়ে বান্দৰ অথবা অন্য জীৱকুলৰ বাবে যোগান ধৰিব পৰা নাই খাদ্য সামগ্ৰী।আঞ্চলিক বন বিষয়া পংকজ কলিতাই জীৱকুলৰ প্ৰতি থকা দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি বিগত কেইবাদিনো ধৰি মন্দিৰত থকা বান্দৰ,পাৰ চৰাইৰ লগতে অন্যান্য জীৱ-জন্তুক খাদ্য যোগান ধৰে।লকডাউনৰ পৰৱৰ্তী সময়ছোৱাতো মন্দিৰৰ জীৱকুলক খাদ্য যোগান ধৰিব বুলি সাংবাদিকৰ আগত বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।
- Log in to post comments
- 29 views