নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত কাষৰিগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে বিয়লি প্ৰায় ৩-৩০ বজাত এটা পথ দুৰ্ঘটনা সংঘটিত হয়।এই দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হয়।জানিব পৰা মতে লকডাউনৰ মাজতেই এ এছ ০২ চি চি ১৯৬৫ নম্বৰৰ তীব্ৰ বেগী যাত্ৰীবাহী বাছখনে বিপৰীত দিশৰ পৰা অহা এ এছ ১১ পি ৫৭ ৬৬ নম্বৰৰ এখন ৱাগেনাৰ গাড়ীত পচণ্ড জোৰেৰে মুখামুখি খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।দুৰ্ঘটনাটোত নিহত ৱাগেনাৰখনৰ চালক হাইলাকান্দিৰ আলগাপুৰৰ জয়নুল আলম চৌধুৰী বুলি জানিব পৰা গৈছে।মিছাৰ ইটাভাটাৰ পৰা প্ৰায় ৪০ জন শ্ৰমিক লৈ কেচুৱালা অভিমুুখে যাত্ৰা কৰা বাছখনে দুৰ্ঘটনাটো সংঘটিত কৰাৰ পিছতেই চালকজনে বাছ এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।পিছত,ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৱাগেনাৰ চালকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰে।সম্প্ৰতি আৰক্ষীয়ে বাছখনৰ চালকজনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
- Log in to post comments
- 103 views