ঘগ্ৰাপাৰত সৰুসজাইৰ কোৱাৰেন্টাইনত থকা নলবাৰীৰ ৩৮ গৰাকীক জিলা প্ৰশাসনৰ আদৰণি 

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

মাৰাত্মক ক'ৰ'না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ব‍্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পিছত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ অস্থায়ী  কোৱাৰেন্টাইনত থকা নলবাৰীৰ ৩৮ গৰাকী ব‍্যক্তিক মুকলি কৰি দিয়া হৈছে।উক্ত  ব্যক্তিসকলক নলবাৰী জিলা প্ৰশাসনে  আদৰণি জনায়।ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত ২৪ এপ্ৰিলৰ নিশা নলবাৰী জিলা প্ৰশাসনৰ হৈ প্ৰতিগৰাকী ব‍্যক্তিকে ফলৰ টোপোলাৰে আদৰণি জনায় অতিৰিক্ত উপায়ুক্ত অভিজিৎ সিনহা (স্বাস্থ্য),দণ্ডাধীশ শশী ৰাজখোৱা,জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃৱউমেশ ফাংচু,জিলা যক্ষা বিষয়া ডাঃ সুৰেন্দ্ৰ মজুমদাৰ,চক্ৰ বিষয়া বনশ্ৰী ডেকা,পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতা,অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদে,জুপি বৰদলৈয়ে। কোৱাৰেন্টাইনত থকাসকল মুকালমুৱাৰ ১৯ গৰাকী,চামতাৰ ৫ গৰাকী,নলবাৰীৰ ১৪ গৰাকী।এইসকল ব্যাক্তিক নলবাৰী জিলা প্ৰশাসনে নিজৰ নিজৰ ঘৰত থৈ আহিব বুলি জানিবলৈ দিয়ে। 
 

Your Comments