নগাঁও জিলাবাসীৰ বাবে সুখবৰ:৭১ জনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাত ক'ভিড-১৯ নিগেটিভ

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ কোৱাৰেন্টাইন্তত ৰখা ৭১ গৰাকী লোকৰ আটাইকেইজনেৰে প্ৰথম প্ৰৰ্যায়ৰ নমুনা পৰীক্ষাত ক'ভিড-১৯ নিগেটিভ আহিছে।নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়,বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ,ৰহা,ৰণথলী,কন্দলী আৰু মোৱামাৰী আদৰ্শ চিকিৎসালয়ত  এই    লোকসকলক কোৱাৰেন্টাইন কৰা হৈছিল।এই লোকসকলৰ ভিতৰত নিজামুদ্দিনৰ জামাতৰ পৰা অহা লোক,গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত ক'ৰ'নাত আক্ৰান্ত মনীষ টিব্ৰেৱালৰ  পৰিয়ালৰ লোকো আছে। বিভিন্ন চিকিৎসালয়ত বহু লোকক কোৱাৰেন্টাইন কৰা খবৰে জিলাবাসীক উদ্বিগ্ন কৰি তুলিছিল।জিলা স্বাস্থ্য বিভাগে কোৱাৰেন্টাইনত থকা ৭১ গৰাকী লোকৰ ক'ৰ'নাৰ সন্দেহত প্ৰথম পৰ্যায়ৰ নমুনা সংগ্ৰহ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল।জিলাবাসীৰ বাবে সুখৰ খবৰ এই যে এই ৭১ গৰাকী লোকৰ দেহত ক'ভিড - ১৯ৰ প্ৰতিবেদনত নিগেটিভ ওলাইছে।১৪ দিন কোৱাৰেনটাইনত থকাৰ পাছত এই লোকসকলক ঘৰলৈ যাবলৈ দিয়া হৈছে। বৰ্তমান তেওঁলোক সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।আনহাতে,প্ৰথম পৰ্যায়ৰ নমুনাৰ পৰীক্ষাত নিগেটিভ ওলোৱা ৭১ জনৰ লোকৰ ভিতৰত ৫৩ জনৰ দ্বিতীয় পৰ্যায়ৰ নমুনা সংগ্ৰহ কৰি গুৱাহাটীলৈ প্ৰ্ৰে্ৰণ কৰা হৈছিল।ইয়াৰে ৫১ জনৰ ক'ভিড - ১৯ নিগেটিভ ওলাইছে।দুুুজনৰ নমুনাৰ প্ৰতিবেদন আহিবলৈ বাকী আছে।কেৰেলা, অন্ধ্ৰ প্ৰদেশ,তামিলনাডু,গুজৰাট,মহাৰাষ্ট্ৰ,উত্তৰ প্ৰদেশত কৰ্মৰত কেইবা হাজাৰ শ্ৰমিক লকডাউনৰ আগে আগে নগাঁও জিলাত প্ৰৱেশ কৰিছিল।জিলা স্বাস্থ্য বিভাগে অতি তৎপৰতাৰে অন্য ৰাজ্যৰ পৰা অহা ৫১৪২ গৰাকী শ্ৰমিকক হোম কোৱাৰেনটাইন কৰিছিল।স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনাৰ নিৰীক্ষণত থকা এই শ্ৰমিকসকলৰ ১৪ দিনৰ ম্যাদ উকলি যোৱাত তেওলোকক মুকলি কৰি দিয়া হৈছে।স্বাস্থ্য বিভাগে সময়ে  সময়ে তেওঁলোকক পৰ্যবেক্ষণ কৰি আছে।স্বাস্থ্য বিভাগৰ পৰা জনোৱা মতে,এই শ্ৰমিকসকল সম্পূৰ্ণ সুস্থ অৱস্থাত আছে।কেন্দ্ৰীয় চৰকাৰে ৰেড জ'ন হিচাবে ঘোষণা কৰা মৰিগাঁও জিলাৰ পৰা নগাওঁ জিলাৰ ধিঙত উপস্থিত হোৱা দুগৰাকী মহিলাক হোম কোৱেৰনটাইন কৰা হৈছে।উল্লেখ যে মৰিগাঁৱৰ পৰা ধিঙত উপস্থিত হোৱা পম্পী দাস আৰু ৰীণা দাসক ২৩ এপ্ৰিলৰ সন্ধ্যা আৰক্ষীয়ে  নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিসালয়ত ভৰ্ত্তি কৰাইছিল।তেওঁঁলোকৰ দেহত ক'ৰ'না ভাইৰাছ সংক্ৰমণৰ কোনো লক্ষণ নথকাত        চিকিৎসালয়খনৰ পৰা মুকলি কৰি দি ১৪ দিনৰ হোম কোৱেৰটাইনৰ বাবে প্ৰেৰণ কৰে ।   নগাঁও জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰসাশনে অতি তৎপৰতা আৰু সতৰ্কতাৰে যুঁঁজ দিয়াৰ বাবে জিলাখনত বৰ্তমানলৈকে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ হোৱা নাই।ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ক'ৰ'না নিৰ্মূলৰ বাবে শক্তিশালী পদক্ষেপ লোৱাৰ বাবে নগাঁওবাসীয়ে কৃতঞ্জতা প্ৰকাশ কৰিছে।


ৱাহিদুদ জামান (নগাঁও) 

Your Comments