কাছুমাৰা চৰত উদ্ধাৰ গন্ধমৌৰ নিৰুদিষ্ট স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ মৃতদেহ 

মৃণাল ডেকা,শুৱালকুছি:

কামৰূপ জিলাৰ শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত গন্ধমৌৰ বঙলাঘুলীৰ প্ৰফুল্ল দাসৰ  পুত্ৰ  প্ৰাঞ্জল দাসৰ (৩০) মৃতদেহ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ  ব্ৰহ্মপুত্ৰৰ কাছুমাৰা চৰৰ পানীত ওপঙি থকা অৱস্থাত  উদ্ধাৰ হোৱা ঘটনাত সমগ্ৰ অঞ্চলজুৰি শোকৰ  ছাঁ পৰিছে।জানিব পৰামতে,বৰপেটা জিলাৰ কাছুমাৰা চৰৰ ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত একাংশ লোকে এটি মৃতদেহ  প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হৈ  মৃতদেহটো উদ্ধাৰ কৰে।পিছত এটা ফোন কলৰ ভিত্তিত মৃত মৃতদেহটো শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত গন্ধমৌৰ বঙলাঘূলীৰ  ১৯ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ থকা অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী প্ৰাঞ্জল দাস বুলি নিশ্চিত হয়।ইফালে,বৃহস্পতিবাৰেই মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছিল।শুকুৰবাৰে পৰিয়ালৰ লোকে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ অন্তত  নিজ বাসগৃহ গন্ধমৌৰ বঙলাঘুলীলৈ আনি মৃতদেহ সৎকাৰ কৰে।উল্লেখ্য যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তথা নাৰেংগী উপ স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী প্ৰাঞ্জল দাসে ১৯ এপ্ৰিলৰ পৰা কৰ্মস্থলীলৈ বুলি ওলাই যোৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল।পিছত ১৯ এপ্ৰিলৰ  নিশা ১২ মান বজাত পৰিয়ালৰ লোকে বিচাৰি যোৱাত ব্ৰহ্মপুত্ৰৰ দ্বিতীয় খন দলঙৰ মাজ ভাগত প্ৰাঞ্জল দাসে ব্যৱহাৰ কৰা মটৰচাইকেল আৰু স্বাস্থ্য বিভাগৰ পৰিচয়-পত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৷
 

Your Comments