'লকডাউন'ত অঘটন:বঙাইগাঁৱত জখলাৰ পৰা পৰি মৃত্যু কৰ্তব্যৰত বিদ্যুৎ কৰ্মীৰ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চলি থকা 'লকডাউন'ৰ সময়তো সেৱা অব্যাহত আছে বিদ্যুৎ যোগানকে ধৰি জৰুৰীকালীন সেৱাসমূহ।কিন্তু এই জৰুৰীকালীন বিদ্যুৎ সেৱাৰ লগত জড়িত থকা বঙাইগাঁও বিদ্যুৎ বিভাগত কৰ্মৰত এজন কৰ্মীৰ বুধবাৰৰ নিশা কৰ্তব্যৰত অৱস্থাত জখলাৰ ওপৰৰ পৰা তললৈ পৰি যোৱাত গুৰুতৰভাৱে আহত হৈ মৃত্যু বৰণ কৰিবলগীয়া হয়।এই ঘটনাত বিভাগটোৰ বিষয়া- কৰ্মচাৰীসকলৰ মাজত শোকৰ ছাঁ পৰিছে ৷ দুৰ্ঘটনাটো বঙাইগাঁৱৰ চাপৰাকাটাৰ পাহাৰতলীত সংঘটিত হয়।উল্লেখ্য যে কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা বঙাইগাঁও বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনৰ কৰ্মীজন বঙাইগাঁও দেউৰীপাৰাৰ উদয়ৰাম ৰাম (৪১) জানিব পৰা মতে বঙাইগাঁও বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনত বিভাগটোত অস্থায়ী কৰ্মী হিচাপে সহায়কৰ কাম কৰা উদয়ৰাম ৰায়ে বিভাগৰ আন কৰ্মীৰ সৈতে চাপৰাকাটা পাহাৰতলীত ধুমুহাত ছিগি যোৱা বিদ্যুতৰ তাঁৰৰ মেৰামতি কৰি থকা অৱস্থাত নিশা ১০ মান বজাত হঠাতে জখলাৰ ওপৰৰ পৰা তললৈ পৰি যায় আৰু গুৰুতৰভাৱে আহত হয়।পিছত গুৰুতৰভাৱে আহত বিদ্যুৎ বিভাগৰ কৰ্মীজনক বঙাইগাঁৱৰ ল'ৱাৰ আসাম হাস্পতালত ভৰ্তি কৰা হয় যদিও পুৱতি নিশা ৩ মান বজাত উদয়ৰাম ৰায় (৪১)ৰ মৃত্যু হয় ৷ উল্লেখ্য যে যোৱা মঙলবাৰে হৈ যোৱা ধুমুহাত গছ-গছনি ভাগি পৰাত বঙাইগাঁৱৰ বিভিন্ন স্থানৰ বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছিল চাপৰাকাটা পাহাৰতলীৰো বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছিল।পিছদিনা পুৱাৰে পৰা অঞ্চলটোত বিদ্যুৎ সেৱা পুনৰ যোগান ধৰাৰ বাবে বিভাগৰ কৰ্মীসকলে কাম আৰম্ভ কৰে।বিয়লিৰ ভাগত লাইনমেনৰ লগতে বিভাগৰ কৰ্মীসকলে পুনৰ অঞ্চলটোত নিশালৈকে কাম কৰি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়।ইফালে,বৃৃহস্পতিবাৰৰ পুৱাৰ ভাগত কৰ্মীজনৰ মৃতদেহটো বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়া হয়।তাতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত নিজ গৃহলৈ নিয়াত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।ইয়াতে মৃতকলৈ বিভিন্নজনে শেষ শ্ৰদ্ধাঞ্জলি যাঁচে।পিছত মৃতদেহটো বৰপাৰাস্থিত বঙাইগাঁও বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয় প্ৰাংগণ নিয়া হয় আৰু তাতে কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধাঞ্জলি জনায় ইয়াৰ পিছত জেল্কাঝাৰস্থিত ৰাজহুৱা শ্মশানত মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰা হয়।মৃত উদয়ৰাম ৰায়ে এগৰাকী কন্যা সন্তানৰ লগতে পত্নী আৰু বৃদ্ধ মাতৃৃক ইহ-সংসাৰত এৰি থৈ যায়।উদয়ৰাম ৰায়ৰ মৃত্যুত বঙাইগাঁও বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়া- কৰ্মচাৰীসকলে গভীৰ শোক প্ৰকাশ কৰিছে ৷ আনহাতে,'আক্ৰাছু'কে ধৰি বিভিন্ন দল- সংগঠনে ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে ক্ষতিপূৰণ আদায় দিয়াৰ দাবী জনাইছে। 


 

Your Comments