মৃণাল ডেকা,শুৱালকুছি:
কামৰূপ জিলাৰ বস্ত্ৰ নগৰী শুৱালকুছিত প্ৰায় ৭০ শতাংশ লোক তাঁঁতশালৰ ওপৰত নিৰ্ভৰশীল।তাতঁশালত বস্ত্ৰ উৎপাদন কৰি সেই বস্ত্ৰ বজাৰত বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে বহু পৰিয়ালে।বৰ্তমান শুৱালকুছিত তাঁঁতশালৰ সংখ্যা প্ৰায় ১৫ হাজাৰখন।এই তাঁঁতশালসমূহত শিপিনী হিচাপে কৰ্মৰত হৈ আছে অসমৰ প্ৰায়সংখ্যক জিলাৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ শিপিনী।এইসকল লোকে নিজৰ নিজৰ পৰিয়ালসমূহ লৈ শুৱালকুছিতে বছৰ বছৰ ধৰি তাঁঁতশালত শিপিনী হিচাপে কৰ্ম কৰি ভাড়াঘৰত পৰিয়ালসহ জীৱন কটাই আছে ।দৈনিক মজুৰি নাইবা তাঁতশালত বস্ত্ৰ উৎপাদনৰ ভিত্তিততে শিপিনী হিচাপে কাম কৰি নিজৰ নিজৰ পৰিয়ালক ভৰণ পোষণ দি অহা এইসকল শিপিনীয়ে দীৰ্ঘদিনীয়া লকডাউনৰ বাবে এতিয়া ভীষন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।সমগ্ৰ দেশজুৰি লকডাউনৰ পৰিপ্ৰেক্ষিতত বস্ত্ৰ নগৰী শুৱালকুছিৰ তাঁঁতশালসমূহ বন্ধ হৈ পৰিছে।তাঁঁতশালসমূহ বন্ধ হৈ পৰাত শিপিনীসকলে ভাড়াঘৰতে নিজকে আৱদ্ধ ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুযায়ী ক'ৰ'না প্ৰতিৰোধত সহায় আগবঢ়াইছে।বস্ত্ৰশিল্পৰ উৎপাদন বন্ধ হোৱাৰ ফলত শিপিনীসকল আৰ্থিক দীনতাৰ সন্মুখীন হৈছে।যাৰ ফলত এইসকল শিপিনী পৰিয়ালে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে,কি হ’ব অনাগত ভৱিষ্যত।কেনেকৈ চলাব পৰিয়াল?কিয়নো এই ক্ষেত্ৰখনৰ লগত জড়িত শিপিনীসকল অতি দুখীয়া।কাপোৰ বৈ কোনোমতে জীৱন নিৰ্বাহ কৰে।সেয়েহে এইসকল দুখীয়া শিপিনীক সহায়ৰ হাত আগবঢ়াবলৈ বিভিন্ন দল-সংগঠনে চৰকাৰক আহ্বান জনাইছে৷
- Log in to post comments
- 68 views