অসম প্ৰকাশন পৰিষদৰ উদ্যোগত নাৰায়ণপুৰত দেউৰী সাহিত্যৰ এদিন উদ্‌যাপন

dawri_assam

দেউৰী জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ বিকাশ আৰু বিস্তৃতিৰ বাবে প্ৰথমবাৰৰ বাবে বাৰ বৈষ্ণৱৰ জন্মভূমি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসূচীৰে দেউৰী সাহিত্যৰ এদিন (দেউৰী চ্চু-চ্চেবায়-চাজা) শীৰ্ষক এটি সাহিত্যানুষ্ঠান আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায় ৷ বিশিষ্ট শিক্ষাবিদ গিৰীশ ভূঞাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনিত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষণ প্ৰদান কৰাৰ পাছতেই দেউৰী সাহিত্য সভাৰ সভাপতি লীলাকান্ত দেউৰীয়ে শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে ৷

সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি "দেউৰী সাহিত্যৰ এদিন" উপলক্ষে মিহিৰ দেউৰী সম্পদনাত প্ৰকাশিত "মিনুচি" নামৰ স্মৃতিগন্থখনি শুভ উন্মোচন কৰি বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাই কয় - দেউৰী ভাষাটো বিদ্যালয়ৰ পাঠ্যক্ৰমত অৰ্ন্তভুক্ত হ'ব লাগে তেহে দেউৰী সমাজৰ নৱ প্ৰজন্মই ভাষাটো সুন্দৰভাৱে আয়ত্ত কৰিব পাৰিব ৷ সাহিত্য আৰু সংস্কৃতিৰ মাজত ৰাজনীতি সোমাব নালাগে বুলি উল্লেখ কৰি বিধায়ক গৰাকীয়ে আৰু কয় - যি ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ নাথাকে তেনে ভাষা সহজে লুপ্ত পায় ৷

dawri_assam

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু দেউৰী সাহিত্য সভা (দেউৰী চ্চু-চ্চেবা-চ্চেংচ্চ) সহযোগত অনুষ্ঠিত সভাখনিত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা বিশ্বকান্ত দেউৰীৰ 'দেউৰী পাঠ', নিপেন দেউৰীৰ 'দেউৰী ৰাগেদেৱা' (দেউৰী শব্দজ্যোতি) আৰু লীলাকান্ত দেউৰীৰ 'চ্চুদি লুকু' (দেউৰী শব্দকোষ) নামৰ গ্ৰন্থ তিনিখন ক্ৰমে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ বিষ্ণু দেউৰী, শিক্ষাবিদ গীৰিশ ভূঞা আৰু দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ কিনাপথাৰ সমষ্টিৰ সাধাৰণ সদস্যা বিজুমণি দেউৰীয়ে শুভ উন্মোচন কৰে ৷

দেউৰী সাহিত্য সভাৰ সদস্যা সকলে পৰিবেশন কৰা এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা সভাখনিত দেউৰী ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল দেউৰী,শোণিতপুৰ জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি বংশী বৰা,বিশিষ্ট কবি-সমালোচক বিপুল কুমাৰ দিহিঙীয়া,ডা• গম্ভীৰ দেউৰীকে প্ৰমুখ্যে কৰি যথেষ্ট সংখ্যক লোকৰ উপস্থিতিত দেউৰী জনগোষ্ঠীৰ ২৭ গৰাকী বিশিষ্ট সাহিত্যিক-শিল্পীক অসমৰ ভাষা, সাহিত্য সংস্কৃতি তথা সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

dawri-assam

প্ৰকাশন পৰিষদে বচ্চে(গামোচা),সম্বৰ্ধনা পত্র আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা বিশিষ্ট ব্যক্তিসকলৰ হৈছে ক্ৰমে শশীধৰ দেউৰী ( নকাৰী,লখিমপুৰ ), লীলা দেউৰী( পানবাৰী,লখিমপুৰ), নৃপেন দেউৰী (নামদেউৰী, যোৰহাট), বিদ্যাধৰ দেউৰী(বালি দেউৰী, লখিমপুৰ), গুঞ্জৰাম দেউৰী(নকাৰী,লখিমপুৰ), ডঃ ৰত্নেশ্বৰ দেউৰী(জয়সাগৰ,শিৱসাগৰ), ফণীকান্ত দেউৰী(পেঙেৰী,তিনিচুকীয়া), বিদ্যাভূষণ দেউৰী(টেঙাপানী বৰপথাৰ,শিৱসাগৰ), ডঃ ষড়ানন দেউৰী(বশিষ্ঠ,গুৱাহাটী), জোনাকী দেউৰী(কলৌলোৱা দেউৰীগাওঁ, ডিব্ৰুগড়), মনেশ্বৰ দেউৰী(মাজৰ দেউৰী, মাজুলী), সুৰেন দেউৰী বৰপূজাৰী(ধেমাজী), সৌৰভ কুমাৰ দেউৰী(নাম দেউৰী, যোৰহাট), ৰেৱত দেউৰী(শান্তিপুৰ দেউৰীগাঁও, বিশ্বনাথ), গুণেশ্বৰ দেউৰী( টেপেচিয়া, গুৱাহাটী), প্ৰদীপ কুমাৰ দেউৰী (উদয়ন বিহাৰ, গুৱাহাটী), মোহিনী দেউৰী (পূব চৌকীডিঙি, ডিব্ৰুগড়), ৰঞ্জন দেউৰী(টাইগাৰগুৰি,ধেমাজী), চক্ৰপতি দেউৰী(কিনাপথাৰ,লখিমপুৰ), মণিমোহন দেউৰী(বৰদেউৰীগাঁও,লখিমপুৰ), নৱজ্যোতি দেউৰী(পানবাৰী, লখিমপুৰ), লক্ষ্যপতি দেউৰী(কিনাপথাৰ,লখিমপুৰ), প্ৰহ্লাদ দেউৰী(কাহিলীপাৰা,গুৱাহাটী), প্ৰবীণ দেউৰী(অধ্যাপক, মাধৱদেৱ মহাবিদ্যালয়,নাৰায়ণপুৰ), খগেন দেউৰী(তৰাজান গায়নগাওঁ, যোৰহাট) আৰু ডাঃ শ্বাস চন্দ্ৰ দেউৰী (দিশপুৰ,গুৱাহাটী) ৷

প্ৰকাশন পৰিষদৰ অন্যতম কৰ্তব্যৰত বিষয়া দেৱজিৎ বৰাই সমগ্ৰ কাৰ্য্যসূচী আঁত ধৰা সভাখনি সংগীত শিল্পী ক্ৰমে চত্রপতি দেউৰী, পৰিস্মিতা দেউৰী আৰু গুনেশ্বৰ দেউৰীয়ে পৰিবেশন কৰা গীত আৰু নাৰায়ণপুৰ বৰদেউৰী গাঁৱৰ যুৱক-যুৱতীসকলে পৰিবেশন কৰা দেউৰী বিহুৱে সকলোকে আপ্লুত কৰে ৷ উল্লেখ্য যে, সভাৰ প্ৰাকক্ষণত সদ্য প্ৰয়াত ভাৰত ৰত্ন তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু দেউৰী সমাজৰ বিশিষ্ট সাহিত্যিক সৰ্বকান্ত দেউৰীৰ মৃত্যুত সভাই শোঁক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ সংগতি কামনাৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ৷ প্ৰনিধানযোগ্য যে, উক্ত সভাতে ডাঃ গম্ভীৰ দেউৰীয়ে দেউৰী সাহিত্য সভালৈ ৫০ হাজাৰ টকাৰ এখন চেক দেউৰী সাহিত্য সভাৰ সভাপতি লীলাকান্ত দেউৰীৰ হাতত প্ৰদান কৰে ৷

Your Comments