সোণাৰিৰ পৰা ঘন বৰা:
সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত টাইৰাই গাঁৱত আত্মগোপন কৰি থকা অৱস্থাতে চৰাইদেউ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে অভিযান চলাই ৫ জন আলফা কেডাৰক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা আলফা কেডাৰ ক্ৰমে অপূৰ্ব গগৈ ওৰফে আৰোহন অসম,সীমান্ত গগৈ ওৰফে মইনা অসম,যোগেন গগৈ ওৰফে বিৰাজ অসম,সিদ্ধাৰ্থ গগৈ ওৰফে চিন্ময় অসম আৰু লক্ষ্যজিৎ গগৈ ওৰফে ধ্ৰুৱ অসম।গ্ৰেপ্তাৰ কৰা আলফাকেইজনৰ পৰা তিনিটা এছন্ট ৰাইফল,MQ 81ৰ ৮ টা মেগজিন,এটা 7.65 MM পিষ্টল,১৬ টা ডিটেনেটৰৰ লগতে বহু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে।ইফালে,
চৰাইদেউত আটক কৰা এই পাঁচজন আলফাৰ আত্মীয়ই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।এই অভিযোগ অনুুুসৰি আত্মসমৰ্পন কৰিবলৈ আহি আলফা নেতা অপূৰ্বৰ বাসগৃহৰ সমীপৰ ভুৱন গগৈৰ বাসগৃহত আশ্ৰয় লৈছিল পাঁচজনীয়া আলফাৰ দল।সাপেখাতী সেনাৰ লগত অপূৰ্ব ভাতৃয়ে যোগাযোগ কৰি পাঁচোজন আলফা সদস্যক চমজাই দিয়ে সেনাক।ইয়াৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাটক ৰচনা কৰাত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালবৰ্গই।বিগত ১৮ ফ্ৰেব্ৰুৱাৰীত অপূৰ্বৰ পিতৃ-মাতৃয়ে কান্দি কান্দি সংবাদ মাধ্যমৰ জৰিয়তে অপূৰ্বক ঘৰলৈ ঘুৰি আহিবলৈ আহ্বান জনাইছিল।পিতৃ-মাতৃৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বুধবাৰে আত্মসমৰ্পন কৰিবলৈ আহি নাটকীয়ভাৱে গ্ৰেপ্তাৰ হ'ল পাঁচ আলফা নেতা।
- Log in to post comments
- 32 views